NLFB celebrates 3rd Annual Foundation Day:ওদালগুৰিত NLFB ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:21 PM IST

thumbnail

ৰৌতা,১২ অক্টোবৰ : বড়ো সংগ্ৰামৰ অন্যতম সংগঠন এন এল এফ বিৰ বৃহস্পতিবাৰে তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ দিনাই সংগঠনটোৰ দাবী NDFB ৰ সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তি অবিহনে সম্পূৰ্ণ নহয় আলোচনা প্ৰক্ৰিয়া । ৰঞ্জন দৈমাৰীৰ লগতে এন এল এফ বিৰ প্ৰতিষ্ঠাপক এম বাথাক কাৰাগাৰৰ পৰা অতি শীঘ্ৰে মুক্তি প্ৰদানৰ দাবী তোলে সংগঠনটোৱে ৷

সংগঠনটোৰ ভাষ্য, এম বাথাৰ বিৰুদ্ধে NIA এ তৰা গোচৰ NLFB ত থকা সময়ৰ নহয় । এয়া ৰাজনৈতিক ষড়যন্ত্ৰৰে বাথাৰ ওপৰত গোচৰ জাপি দিয়া বুলি আখ্যা দিছে সংগঠনটোৱে । বড়ো ৰাইজৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত এন এল এফ বিৰ সংগ্ৰাম চলিয়েই থাকিব । চৰকাৰক অতি শীঘ্ৰে এন এল এফ বিৰ আলোচনা প্ৰক্ৰিয়া আগবঢ়াবলৈ আহ্বান সংগঠনটোৰ সাধাৰণ সম্পাদক এন ফাঞ্জাৰীৰ । বৃহস্পতিবাৰৰ পুৱাৰে পৰা ওদালগুৰিস্থিত সোণাইগাঁও ডেজিকনেটেড কেম্পত দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে NLFB ৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান । সংগঠনটোৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত শ্বহীদ তৰ্পণ কৰে সভাপতিগৰাকীয়ে । সমান্তৰালকৈ বিভিন্ন সামৰিক প্ৰশিক্ষণো অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক : Broken bridge over Gerua river: এখন জৰাজীৰ্ণ দলং আৰু ৰাইজৰ বিড়ম্বনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.