Broken bridge over Gerua river: এখন জৰাজীৰ্ণ দলং আৰু ৰাইজৰ বিড়ম্বনা

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 11:53 AM IST

thumbnail

ওদালগুৰি, 11 অক্টোবৰ : ওদালগুৰি জিলাৰ চাৰণপাৰাৰ গেৰুৱা নৈৰ ওপৰত থকা পকী দলং বিগত বৰ্ষৰ বানে বিচ্ছিন্ন কৰাৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৰাইজৰ স্বাভাৱিক যাতায়াত ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বিটিচিৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাৰণপাৰা গাঁৱত গেৰুৱা নৈৰ ওপৰত থকা পকী দলংখনে টংলা-মহলীয়াপাৰা পথৰ পৰা চাৰণপাৰা হৈ খৈৰাবাৰীলৈ যোৱাৰ সুব্যৱস্থা হৈছিল আৰু বৃহত্তৰ অঞ্চলটোৰ যথেষ্ট সংখ্যক লোক এই পথটোৰে যাতায়াত কৰি আহিছিল ৷ কিন্তু বিগত বৰ্ষৰ বানপানীৰ ফলত সৃষ্টি হোৱা খহনীয়াত দলংখন বিচ্ছিন্ন হোৱাত সম্প্ৰতি আন যান-বাহনটো দূৰৰে কথা নৈখনৰ পানী বৃদ্ধি পালেই সাধাৰণ পথচাৰীয়ে খোজকাঢ়িও অহা-যোৱা কৰিব নোৱাৰা হৈ পৰিছে ৷

কাষতে থকা চাৰণপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নেৰানেপেৰা বৰষুণ দিলেই বৃদ্ধি পোৱা নৈৰ পানী পাৰ হৈ যাৱ নোৱাৰাৰ বাবে পাঠদানৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে  ৷ আনহাতে চাৰণপাৰাবাসীৰ বেমাৰ-আজাৰ হ’লে জৰুৰীকালীন সেৱাৰ এম্বুলেন্স এখনো পোনপটীয়াকৈ অঞ্চলটোলৈ যাব নোৱাৰাৰ বাবে সময়োপযোগী চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে তেওঁলোক ৷ উপায়ন্তৰ হৈ গাঁওখনৰ একাংশ সচেতন ৰাইজে ছাত্ৰ-ছাত্ৰীৰ পাঠদান ব্যাহত নহ’বলৈ আৰু সাধাৰণ পথচাৰী চলাচল কৰিব পৰাকৈ দান-বৰঙণিৰে এখন বাঁহৰ দলং সাজি দিছে যদিও সেইখনো সঘনাই মেৰামতি কৰিবলগীয়াত পৰে ৷ গেৰুৱা নৈৰ ওপৰত থকা ভঙা পকী দলঙখনৰ ঠাইত নতুন পকী দলং এখন নিৰ্মাণ কৰি অঞ্চলবাসীৰ যাতায়াত সুচল কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈ জনপ্ৰতিনিধিৰ সুদৃষ্টিৰ পৰা বঞ্চিত হৈ আছে চাৰণপাৰাবাসী ৰাইজ ৷

লগতে পঢ়ক : Kulshi river erosion:বিপদ নমাই আনিছে কুলশী নৈৰ গৰাখহনীয়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.