Morigaon news:মৰিগাঁও জিলাত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা !

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:56 AM IST

thumbnail

মৰিগাঁও, 18 অক্টোবৰ : মঙলবাৰে মৰিগাঁও জিলাত অব্যাহত থকা হত্যা, হিংসা, লুণ্ঠন, চোৰ-ডকাইতি ৰোধ কৰাৰ দাবীত জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰা হয় । মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন সমাজৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পিচতো জিলাখনৰ বিভিন্ন এলেকাত অব্যাহত আছে অসামাজিক কাম-কাজ । লুইতপৰীয়া আৰু অংকুৰ প্ৰগ্ৰেচিভ চ’ছাইটি নামেৰে দুটাকৈ বেচৰকাৰী সংস্থাই পৃথকে পৃথকে প্ৰদান কৰা স্মাৰক পত্ৰত ক্ৰমে মৰিগাঁও চহৰত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা চোৰ-ডকাইতি ৰোধ কৰা, দ্ৰুতি গতিৰ বাহন চলাচল বন্ধ কৰা, অবৈধ মদ-ভাঙৰ প্ৰচলন ৰোধ কৰা, মৰিগাঁও স্কুল-খেলপথাৰত অব্যাহত থকা যুৱকৰ নৈশ আড্ডা আৰু বৰবিহ ড্ৰাগছ সৰবৰাহ ৰোধ কৰা, গৰুচোৰৰ অতপালি ৰোধ কৰা, মাটি দালাল ৰোধ কৰাকে ধৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত হৈ আছে ।

ইফালে, মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে লুইতপৰীয়া আৰু অংকুৰ প্ৰগ্ৰেচিভ চ’ছাইটিৰ বিষয়ববীয়া তথা সঁজাতি দলটোৰ সৈতে এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হয় ৷ মৰিগাঁও চহৰৰ উপৰিও জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ এলেকাত সংঘটিত হোৱা অপৰাধমূলক কাৰ্য ৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে আশ্বাস প্ৰদান কৰি লুইতপৰীয়া আৰু অংকুৰ প্ৰগ্ৰেচিভ চ’ছাইটিৰ দৰে সকলো শ্ৰেণীৰ নাগৰিককে সজাগ হোৱাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : Distribution No Dues Certificates : মৰিগাঁৱত ঋণমুক্ত প্ৰমাণপত্র প্ৰদান মন্ত্ৰী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.