ETV Bharat / state

Distribution No Dues Certificates : মৰিগাঁৱত ঋণমুক্ত প্ৰমাণপত্র প্ৰদান মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:09 AM IST

মৰিগাঁৱত আয়োজন কৰা হয় মাইক্ৰ ফাইনেঞ্চৰ ঋণ মুক্ত প্ৰমাণপত্ৰ বিতৰণৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মৰিগাঁৱৰ 6900 গৰাকী মহিলাক ঋণমুক্ত প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয় ৷

Distribute No Dues Certificates
ঋণমুক্ত প্ৰমাণ-পত্ৰ বিতৰণ

ঋণমুক্ত প্ৰমাণ-পত্ৰ বিতৰণ

মৰিগাঁও, 17 অক্টোবৰ : ‘‘আমাৰ চৰকাৰে বিগত নিৰ্বাচনৰ সময়ত মহিলাসকলক ঋণ পৰিশোধ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু পৰ্যায়ৰ ক্ৰমে আমি আজি আমাৰ মহিলাসকলক ঋণৰ পৰা মুক্ত কৰিছো । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ'বলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছো । এতিয়া আমাৰ মহিলাসকলে ভালদৰে ঘৰখন চলাওক । ভালদৰে ল’ৰা-ছোৱালীক পঢ়াওক ।’’ সোমবাৰে এই মন্তব্য কৰে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ তথ্য, জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।

‘‘কেইদিনমানৰ আগত কংগ্ৰেছৰ ভূপেন বৰাই কৈছে আমি যদি চৰকাৰলৈ আহো, তেন্তে লখিমী নামৰ এখন আঁচনি খুলিম ৷ সেইখন হিতাধিকাৰী নহয় নেখি ? সেইখন বেলেগ গ্ৰহৰ পৰা আহিব নেকি ? মানুহে এইবোৰ বিশ্বাস নকৰে ৷ কংগ্ৰেছৰ বাবে এয়া সূতা-কম্বল বিতৰণ কাৰৰ্যসূচী ৷ কংগ্ৰেছে শপত খাই এইবোৰ কৈ আছে আৰু আমি দি আছো ৷’’ কংগ্ৰেছক কটাক্ষ কৰি এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ সোমবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও স্কুল খেলপথাৰত আয়োজন কৰা হয় মাইক্ৰ’ফাইনান্সৰ ঋণ মুক্ত প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচী ৷ মাইক্ৰ’ফাইনান্সৰ ঋণ লোৱা 6900 গৰাকী মহিলাক ঋণমুক্ত প্ৰমাণ-পত্ৰ প্ৰদানৰ বিতৰণ কৰে ৷ এই অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী ৷

লগতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ, ডিডিচি দেৱযানি বৰা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি জিলাখনৰ উচ্চপদস্থ বিষয়াসকল ।

লগতে পঢ়ক : Micro Finance Loan Relief in Assam : লখিমপুৰত ঋণমুক্ত প্ৰমাণপত্র প্ৰদান মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.