Flyover to be inaugurate: কালী পূজাত মুকলি কৰা হ'ব হোজাইৰ নৱ-নিৰ্মিত উৰণ সেতু

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 6:33 PM IST

thumbnail

হোজাই,৬ নৱেম্বৰ: অৱসান হোৱাৰ দিশে হোজাইবাসীয়ে বহু বছৰে ভুগি অহা ৰে'ল ক্ৰছিঙৰ সমস্যা । বহু প্ৰতীক্ষাৰ অন্তত হোজাইত মুকলি কৰা হ'ব ৰে'ল লাইনৰ ওপৰৰে যোৱা উৰণ সেতু । সোমবাৰে উত্তৰ-পূব সীমান্ত ৰে'লৱে শাখাৰ মধ্য অসমৰ প্ৰৱন্ধকৰ সৈতে হোজাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, হোজাই সমষ্টি বিধায়ক ৰামকৃষ্ণ ঘোষকে আদি কৰি হোজাই পৌৰসভাৰ বিষয়-ববীয়াসকলে নতুনকৈ নিৰ্মান হোৱা উৰণ সেতুখন পৰ্যবেক্ষণ কৰি কালীপূজা পূৰ্বেই ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ।  

লগতে হোজাই ৰে'ল ষ্টেচনৰ দুয়োফালে থকা ৰে'ল ক্ৰছিং বন্ধ কৰি দিয়া কথা ব্যক্ত কৰে ৰে'ল বিষয়াই । আনহাতে পূব ফালে থকা ৰে'ল গেটৰ তলেদি এটি সুৰংগ পথ ৰে'ল বিভাগে অতি সোনকালে নিৰ্মাণ কৰি দিয়া কথা ব্যক্ত কৰে । ৰে'ল বিভাগৰ এই সিদ্ধান্তক আদৰণি জনাই হোজাইৰ সচেতন লোকসকলে ।  

লগতে পঢ়ক:  Death Anniversary of Bhupen Hazarika: সুধাকণ্ঠৰ স্মৃতি দিৱসত কলকতাৰ মিথুন ধৰৰ গীত পৰিৱেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.