Death Anniversary of Bhupen Hazarika: সুধাকণ্ঠৰ স্মৃতি দিৱসত কলকতাৰ মিথুন ধৰৰ গীত পৰিৱেশন

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:41 PM IST

thumbnail

মৰাণ,৬ নৱেম্বৰ: ৫ নৱেম্বৰ বুলি ক'লেই যেন ভূপেনদাক হেৰুৱাৰ আবেগে দোলা দিয়ে প্ৰতিজন অসমীয়াক । দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিতো সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ কৰিলে ৰাইজে । বৰ্ণাঢ্য কাৰ্যসূচীৰে ভূপেনদাৰ স্মৃতি দিৱস উদযাপন কৰিলে সোণাৰি সমলয় গোষ্ঠীয়ে । 'সোঁৱৰণিৰ কুঁৱলীত ভূপেনদাৰ গান' শীৰ্ষক অনুষ্ঠানেৰে এই স্মৃতি দিৱস উদযাপন কৰে সোণাৰিৰ ৰাইজে ।  

সোঁৱৰণিৰ কুঁৱলীত ভূপেনদাৰ গান অনুষ্ঠানত গীত পৰিৱেশন কৰে কলকাতাৰ জনপ্ৰিয় কণ্ঠশিল্পী মিথুন ধৰে । ভূপেনদাৰ সান্নিধ্য লাভ কৰা স্মৃতি কঢ়িয়াই ফুৰা কলকাতাৰ মিথুন ধৰৰ কন্ঠত নিগৰিল এটাৰ পাছত আন এটা ভূপেনদাৰ চিৰযুগমীয়া গীত । ভূপেনদাৰ মৃত্যুৰ দিনটোত অসমত ভূপেনদাৰ গীত গাবলৈ আহি কলকাতাৰ জনপ্ৰিয় কণ্ঠশিল্পী মিথুন ধৰে কৈ গ'ল ভূপেনদাৰ সান্নিধ্য লাভ কৰা সময়ৰ বহু মধুৰ স্মৃতি ।

লগতে পঢ়ক: Rich tradition of rural society: গ্ৰাম্য সমাজৰ চহকী পৰম্পৰা আজিও জিলিকে জামুগুৰিহাটত

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.