ETV Bharat / state

Rich tradition of rural society: গ্ৰাম্য সমাজৰ চহকী পৰম্পৰা আজিও জিলিকে জামুগুৰিহাটত

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 3:54 PM IST

এদল পুৰুষ-মহিলা, কাৰো যেন আহৰি নাই ৷ সকলো ব্যস্ত ৷ কিয়নো গাঁৱৰ সকলো ৷ ৰাইজে নিঃস্বাৰ্থভাৱে ইঘৰে সিঘৰক সহায় কৰিবলৈ ওলাই আহিছে ৷ কিন্তু কিয় ?

Rich tradition of rural society
গ্ৰাম্য সমাজৰ পৰম্পৰা জিলিকিছে জামুগুৰিহাটত

গ্ৰাম্য সমাজৰ চহকী পৰম্পৰা আজিও জিলিকে জামুগুৰিহাটত

চতিয়া, 6 নৱেম্বৰ : যি সময়ত মানুহৰ ব্যস্ততা বাঢ়ি গৈছে; যি সময়ত মানুহৰ সময়ৰ নাটনি হৈছে, সেই সময়তেই অসমীয়া গ্ৰাম্য সমাজখনত কিছুমান পৰম্পৰাক ধৰি ৰাখি অসমীয়া জাতিক চহকী জাতি বুলি প্ৰমাণ কৰিছে একাংশ লোকে ৷ কৰ্মব্যস্ততাৰ মাজতো কিছু সংখ্যক গাঁওবাসীয়ে নিজৰ মূল্যবান সময়ৰ কিছু অংশ সাঁচি ৰাখিছে সমাজখনক বান্ধি ৰখাৰ হেতু ৷

আধুনিক সময়ত বেছিভাগ মানুহে কেৱল নিজক লৈ ব্যস্ত হোৱা দেখা যায় ৷ মানুহৰ মাজত দয়া, মমতা এই শব্দবোৰৰ যেন বৰ্তমান অভাৱ হৈছে ৷ এনে সময়তো কিন্তু এতিয়াও এনে কিছু মানুহ আছে, যি বিনা পাৰিশ্ৰমিকত আনৰ ঘৰত আয়োজন কৰা কিছুমান উৎসৱ পাৰ্বনত মগু-বুট চাফ-চিকুণ কৰা; চাউল জৰা বা কলৰ দোনা আদি প্ৰস্তুত কৰি গৃহস্থক সকাহ দিয়াৰ চেষ্টা কৰি গৈছে ৷

জামুগুৰিহাটৰ ভিন্ন গাঁৱৰ লোকে এনেবোৰ পৰম্পৰা এতিয়াও সুন্দৰভাৱে জীয়াই ৰাখি অসমীয়া গ্ৰাম্য সমাজৰ স্বকীয়তা বৰ্তাই ৰাখিছে ৷ বিনা পাৰিশ্ৰমিকত কুটা এগছ ইফাল সিফাল কৰি নিদিয়া আজিৰ স্বাৰ্থপৰ সমাজখনৰ বিপৰীতে জামুগুৰিহাটৰ ৰাইজ বা আইসকলে মানুহক বিপদৰ সময়ত উদ্ধাৰ কৰি অসমীয়া সমাজক চহকী কৰি ৰাখিছে ৷

এতিয়াও জামুগুৰিহাটৰ গাঁৱে ভূঞে মানুহৰ কাৰোবাৰ ঘৰত হোৱা বিয়া সবাহ বা দহা কাজ যি কামেই নহওক কিয় সকলোতে পুৰুষ-মহিলা সকলোৱে নিজৰ নিজৰ কাম-কাজবোৰ ঘৰখনত কৰি বিপদৰ পৰা সকলক উদ্ধাৰ কৰি আহিছে ৷ পূৰ্বৰ সেই পৰম্পৰা আজিও জামুগুৰিৰ ৰাইজে জীয়াই ৰাখিছে ৷

ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই অকল নিজে খোৱাই নহয়, সকলো কাম কৰি মেলি আনকো খুৱাই-বোৱাই গৃহস্থৰ ঘৰখনক উদ্ধাৰ কৰাৰ এই পৰম্পৰা সঁচাই প্ৰশংসনীয় । আধুনিকতাইও ম্লান কৰিব পৰা নাই জামুগুৰিহাটৰ এই চহকী আৰু আদৰণীয় পৰম্পৰাক ।

মনকৰিবলগীয়া যে এইখন অসমতে যি সময়ত নমতাকৈ বিয়া খোৱাৰ কাৰণেই এজন যুৱকক আঠু কঢ়াই শাস্তি দিয়া দৰে ঘটনা ঘটিছিল, তেনে সময়তে তাৰে সম্পূৰ্ণ বিপৰীত এক দৃশ্য দাঙি ধৰি, পাৰিশ্ৰমিকতো দূৰৰে কথা, বিয়া-বাৰু, দহা কাজ আদি সকলো কামতে সকলোৱে লাগি ভাগি গৃহস্থক বিপদত পৰিবলৈ নিদি সহায় কৰাৰ এই পৰম্পৰা সঁচাই প্ৰশংসনীয় আৰু এক আদৰ্শস্বৰূপ ৷

লগতে পঢ়ক : Kaziranga Elevated Road Project : এলিভেটেড কৰিড’ৰ নিৰ্মাণ হ’লে বন্যপ্ৰাণীৰ সুৰক্ষা বিনষ্ট হ’ব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.