লখিমপুৰৰ নৱ নিযুক্ত জিলা আয়ুক্তৰ ৰাইজৰ হকে কাম কৰাৰ আশ্বাস

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:13 PM IST

thumbnail

লখিমপুৰ, ১২ ডিচেম্বৰ: লখিমপুৰত নতুনকৈ যোগদান কৰি মঙলবাৰে সংবাদিকৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে জিলা আয়ুক্ত গায়ত্রী হ্যালীংগেই । তেওঁ সাংবাদিক সকলৰ পৰা জিলাখনৰ সমস্যাৱলী সন্দৰ্ভত বুজ লৈ সমাধানৰ হকে পাৰ্যমানে চেষ্টা কৰিব বুলি কয় । ৰাইজৰ সহযোগিতাৰে লখিমপুৰৰ সৰ্বস্তৰৰ লোকৰ হকে কাম কৰিব বুলি কয় নৱ নিযুক্ত জিলা আয়ুক্ত গায়ত্রী হ্যালীংগেই ।  

জিলাখনৰ সীমা সমস্যাৰ পৰা দুৰ্নীতি, মাদক দ্রব্যৰ অবাধ বেহা আদি সমস্যা সম্পর্কে তেওঁক সাংবাদিক সকলে অৱগত কৰে । তেওঁ এই সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত পাৰ্যমানে চেষ্টা কৰিব বুলি কয় । তেওঁ জিলাখনৰ গ্ৰাম্য তথা দুৰ্গম এলেকা সমূহ পৰিদৰ্শন কৰি তেনে অঞ্চল সমুহৰ শিক্ষা, স্বাস্থ্য আদি দিশ সমূহ বুজ লৈ প্ৰয়োজনীয় ব্যবস্থা গ্রহণ কৰাৰ আশ্বাস দিয়ে ।  

ৰাইজৰ সহযোগিতাৰে সৰ্বস্তৰৰ লোকৰ হকে কাম কৰিব বুলি উল্লেখ কৰি তেওঁ চৰকাৰী আঁচনি সমূহ যাতে ৰাইজৰ বাবে যথাযথভাৱে ৰূপায়ণ হয় তাৰ প্ৰতিও গুৰুত্ব দিব বুলি তেওঁ কয় । বিভিন্ন চৰকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ বাবে সাধাৰণ ৰাইজে সমস্যা ভোগ কৰিবলগীয়া হোৱা বুলি উত্থাপন হোৱা বিষয়টো সন্দৰ্ভতো তেওঁ গুৰুত্ব সহকাৰে গ্রহণ কৰি ব্যবস্থা গ্রহণ কৰা হব বুলি কয় । জিলাখনৰ সকলো বিভাগৰ বিষয়া সকলৰ সহযোগত বেয়াখিনি ভাল কৰি আৰু ভালখিনি আৰু অধিক ভাল কৰাৰ হকে কাম যাব বুলি কয় নৱ নিযুক্ত জিলা আয়ুক্ত গৰাকীয়ে । 

লগতে পঢ়ক: পিকনিকৰ বতৰ! পলমকৈ হ’লেও বনভোজ প্ৰেমীৰ বাবে মুকলি হ’ল দীপৰ বিলৰ বনভোজথলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.