Naroram Barman Football Match: 3 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব 43 সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল খেল

By

Published : Mar 2, 2023, 10:46 PM IST

thumbnail

নলবাৰী, 2 মাৰ্চ : নলবাৰীত ফুটবলৰ জ্বৰ ৷ শুকুৰবাৰে অৰ্থাৎ 3 মাৰ্চৰ পৰা পশ্চিম নলবাৰীৰ চামতাত অনুষ্ঠিত হ’ব 43 তম নৰোৰাম বৰ্মন সোঁৱৰণী বিজয়ী ট্ৰফী ফুটবল খেল (Naroram Barman Football Match) অনুষ্ঠিত কৰা হ’ব ৷ অহা 3 মাৰ্চৰ পৰা 12 মাৰ্চলৈ 9 দিনীয়া কাৰ্যসূচীৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত 43 সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী বিজয়ী ট্ৰফী, ৰণীধৰ বৰ্মন সোঁৱৰণী বিজিত ট্ৰফী আৰু প্ৰমোদ কুমাৰ পাটোৱাৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন নলবাৰী জিলাৰ ধৰ্মপুৰৰ চামতা ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ'ব ।

বৃহস্পতিবাৰে চামতা ক্ৰীড়া সংঘই এক সংবাদমেল আয়োজন কৰি কয় (Press meet on Football Match) যে, উক্ত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনত অসমৰ লগতে বহিঃৰাজ্যৰো বহু জনপ্ৰিয় ফুটবল দলে প্ৰতিবছৰে অংশগ্ৰহণ কৰি আহিছে । এইবেলিও অসম তথা উত্তৰ পূৱৰ মুঠ 8 টাকৈ শক্তিশালী ফুটবল দলে খেলখনত অংশগ্ৰহণ কৰিব ৷  

নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানী ফুটবল খেলখনত এইবাৰ অংশগ্ৰহণ কৰিব লগীয়া দলসমূহ হৈছে ক্ৰমে 1)অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ 2)নৰ্থ ইষ্ট ইউনাইটেড এফ চি 3) ইলেভেন ষ্টাৰ এফ চি বঙাইগাঁও 4)গ্লোবেল এফ চি 5)এ পি আৰ ও 6) চিটি এফ চি 7) মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা 8)চামতা আঞ্চলিক ক্ৰীড়া সংঘই। মুঠ আঠটাকৈ দলে অংশগ্ৰহণ কৰিব লগা উক্ত প্ৰতিযোগিতা উদ্ধোধন কৰিব বিশিষ্ট ক্ৰীড়া সংগঠক তথা সদৌ অসম ভলীবল সন্থাৰ সভাপতি নৃপেন দাসে ৷ ইয়াৰোপৰি এই অনুষ্ঠানত লগতে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ উপৰি ৰাজ্যৰ কেইবাগৰাকী ক্ৰীড়া সংগঠক উপস্থিত থাকিব বুলি জনায় উদ্যোক্তা তথা চামতা ক্ৰীড়া সংঘই ।

আনহাতে 12 মাৰ্চত হ’বলগা চূড়ান্ত খেলখনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকিব বুলি  সংবাদমেল যোগে জানিবলৈ দিয়ে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক বিকাশ ভট্টাচাৰ্যই । উল্লেখযোগ্য যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত তথা অইল ইণ্ডিয়া লিমিটেড নইডা এন আৰ এল গুৱাহাটী আৰু গুৱাহাটী ৰিফাইনেৰী স্পনচাৰ্চিভ লাভ কৰা নৰোৰাম বৰ্মন সোৱৰণী ফুটবল খেলখনৰ প্ৰতিখন খেলেই চামতা ষ্টেডিয়ামত অনুষ্ঠিত হব । অসমৰ গ্ৰামাঞ্চলত ফ্লাড্ লাইটৰ পোহৰত অনুষ্ঠিত হোৱা চামতাৰ এইখন ফুটবল খেল গোটেই অসমৰ এক নামজ্বলা টুৰ্ণামেণ্ট ।

লগতে পঢ়ক: Book released in Barpeta: হোলীগীতৰ ইংৰাজী গ্ৰন্থ উন্মোচন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.