100th episode of Maan Ki Baat: মন কী বাতৰ 100 সংখ্যক খণ্ডৰ সাক্ষী হ’ল নলবাৰীবাসী

By

Published : Apr 30, 2023, 5:00 PM IST

thumbnail

নলবাৰী, ৩০ এপ্ৰিল : দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানে 100 টা খণ্ড অতিক্ৰম কৰে (100th episode of Maan Ki Baat) ৷ ইয়াৰ লগতে সংগতি ৰাখি দেশৰ লগতে ৰাজ্যৰ বুথসমূহত ১০০ সংখ্যক মন কী বাত অনুষ্ঠান ভাৰ্চুৱেলী প্ৰদৰ্শন কৰোৱা হৈছে । 2014 চনৰ 3 অক্টোবৰৰ পৰা আৰম্ভণি হৈছিল মন কী বাত অনুষ্ঠানৰ ৷ দেওবাৰে নলবাৰী জিলাতো প্ৰতিটো বুথত অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত থাকে অসংখ্য লোক ‌(Maan Ki Baat observed in Nalbari )। 

নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত প্ৰতিটো বুথত ব্যাপকভাৱে অনুষ্ঠিত কৰা হয় মন কী বাত অনুষ্ঠান । নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah) নিজ গৃহ চান্দকুছি বুথত আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই (MP Dilip Saikia) ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰৰ সভাগৃহত অনুষ্ঠিত কৰে মন কী বাত অনুষ্ঠান । আনহাতে, ৰংঘৰক গেৰুৱা ৰঙেৰে আলোকিত কৰা কাৰ্যক সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মাজতে বিৰোধীৰ এয়া ইচ্যুহীন মন্তব্য বুলি ব্যক্ত কৰে ।

লগতে পঢ়ক: Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.