ETV Bharat / bharat

Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Apr 30, 2023, 2:08 PM IST

Mann Ki Baat
Mann Ki Baat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে 'মন কি বাত'ৰ ঐতিহাসিক ১০০ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰি কয় যে তেওঁৰ ৰেডিঅ' অনুষ্ঠান হৈছে লাখ লাখ ভাৰতীয়ৰ 'মন কি বাত' আৰু তেওঁলোকৰ আৱেগৰ অভিব্যক্তি (PM Modi Mann Ki Baat 100th episode) ।

নিউজ ডেস্ক, ৩০ এপ্ৰিল : দেওবাৰে প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ডত (100th episode of PM Modi Mann Ki Baat) ভাষণ দি নৰেন্দ্ৰ মোডীয়ে কয় যে ২০১৪ চনৰ অক্টোবৰত বিজয়া দশমীৰ দিনা আৰম্ভ হোৱা 'মন কি বাত' "জনসাধাৰণৰ বাবে মঙ্গলজনক আৰু ইতিবাচক দিশৰ এক ‘অনন্য উৎসৱ’ হৈ পৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে মন কি বাত এনে এক উৎসৱ হৈ পৰিছে, যাৰ বাবে প্ৰতিমাহে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি থাকে (Mann Ki Baat become festival) ।

"২০১৪ চনৰ ৩ অক্টোবৰত বিজয়া দশমী উৎসৱৰ দিনা আমি সকলোৱে একেলগে 'মন কি বাত'ৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ । বিজয়া দশমী হৈছে বেয়াৰ ওপৰত ভালৰ বিজয়ৰ উৎসৱ । 'মন কি বাত' দেশৰ জনসাধাৰণৰ বাবে মঙ্গলজনক আৰু ইতিবাচক দিশৰ এক অনন্য উৎসৱ হৈ পৰিছে । ই হৈছে প্ৰতিমাহে অহা এক উৎসৱ, যাৰ বাবে আমি সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ । আমি ইতিবাচকতা উদযাপন কৰোঁ ।" প্ৰধানমন্ত্ৰীয়ে কয় (Prime Minister Narendra Modi Mann Ki Baat) ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ মানুহৰ পৰা হাজাৰ হাজাৰ পত্ৰ আৰু বাৰ্তা লাভ কৰিছে আৰু সেইবোৰ পঢ়ি থাকোঁতে এক আৱেগত উটি যায় । উল্লেখ্য, প্ৰধানমন্ত্ৰী মোডীৰ ৰেডিঅ'ৰ এই মাহেকীয়া কাৰ্যসূচীয়ে দেওবাৰে শততম খণ্ড সম্পূৰ্ণ কৰিছে । এই অনুষ্ঠান সমগ্ৰ দেশতে পুৱা ১১ বজাত আকাশবাণীযোগে পোনপটীয়াকৈ সম্প্ৰচাৰিত হয় । ২০১৪ চনৰ ৩ অক্টোবৰত আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে মহিলা, যুৱ আৰু কৃষকৰ দৰে একাধিক সামাজিক শ্ৰেণীক সম্বোধন কৰি চৰকাৰৰ নাগৰিক-প্ৰচাৰ কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে আৰু ই সামূহিক পদক্ষেপক উৎসাহিত কৰি আহিছে ।

22 টা ভাৰতীয় ভাষা আৰু 29 টা উপভাষাৰ উপৰি মন কি বাত 11 টা বিদেশী ভাষাত সম্প্ৰচাৰিত হয় । ইয়াৰ ভিতৰত আছে ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতীয়, বাৰ্মিজ, বালুচি, আৰবী, পখতু, পাৰ্চী, দাৰি আৰু স্বাহিলী । মন কি বাত আকাশবাণীৰ ৫০০-তকৈও অধিক সম্প্ৰচাৰ কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত হয় । আনহাতে, মন কি বাতৰ মানুহৰ জীৱনত প্ৰভাৱ সম্পৰ্কে এক অধ্যয়নো কৰা হৈছে (All India Radio Mann Ki Baat) ।

এই অধ্যয়নটোৱে দেখুৱাইছে যে 100 কোটিৰো অধিক লোকে কমেও এবাৰ মন কি বাতৰ সৈতে সংযোগ স্থাপন কৰিছে । ই তৃণমূল পৰ্যায়ৰ পৰিৱৰ্তনকাৰী লোকৰ সৈতে পোনপটীয়াকৈ ভাব বিনিময় কৰে আৰু মানুহৰ সাফল্য উদযাপন কৰে । এই অনুষ্ঠানে ইতিবাচক কাৰ্যৰ প্ৰতি মানুহক প্ৰভাৱিত কৰিছে । উল্লেখ্য যে এই অনুষ্ঠানটো দূৰদৰ্শনে সমগ্ৰ দেশৰ ৰাজভৱনত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে ।

লগতে পঢ়ক :Mann Ki Baat : ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.