Guinness Book of World records: বিশ্ব অভিলেখৰ বাবে সাজু নলবাৰীৰ ঢুলীয়া-নাচনি

By

Published : Mar 17, 2023, 1:24 PM IST

thumbnail

নলবাৰী, 17 মাৰ্চ : ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত ৰচনা হ'ব এক স্বৰ্ণালী ইতিহাস ৷ ৰাজ্যৰ 11 হাজাৰ ঢুলীয়া নাচনীয়ে বিহু নাচ প্ৰদৰ্শন কৰি নাম অন্তৰ্ভুক্ত কৰিব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত (Guinness Book of World records Assam Bihu)৷ বিশ্ব দৰবাৰলৈ যাব অসমৰ স্বাভিমান বিহু (Guinness Book of World records Bihu)। ঢোল, পেপা, গগণা, সুতুলী, তকা, তালৰ শব্দই ৰজনজনাব গুৱাহাটীৰ বুকু । এই বিশাল আয়োজনৰ মুখ্য প্ৰত্যক্ষদৰ্শী হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হোৱা নাচনীৰ বাচনি প্ৰক্ৰিয়াৰ বৃহস্পতিবাৰে সামৰণি পৰে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো যোৱা ৯ মাৰ্চৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত নাচনীৰ বাচনি শিবিৰ আৰম্ভ হৈছিল ৷ এই বাচনি শিবিৰৰ নাচনীসকলক লৈ বৃহস্পতিবাৰে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ ভৰি পৰে৷ কেৱল নাচনীয়েই নহয়, ঢুলীয়া, তালোৱা আৰু পেঁপুৱাৰ সমাগমেৰে মুখৰিত হৈ পৰে খেলপথাৰ আৰু ইয়াতে বাচনি কৰা হয় 14 এপ্ৰিলত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ (Guinness Book of World records) বাবে অনুষ্ঠিত হ'বলগীয়া বিহু নৃত্য পৰিবেশন অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলগীয়া নাচনীসকলক ৷

বাচনি অনুষ্ঠানৰ চুড়ান্ত দিনটোত উপস্থিত থাকে নলবাৰীৰ জিলা উপায়ুক্ত গীতিমণি ফুকন ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে বাচনি কৰা নাচনীসকলৰ চূড়ান্ত আখৰা অহা ২৭ মাৰ্চৰ পৰা নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতে অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : Bihu dance and Dhol badan workshop:ঢোল-পেঁপা-গগণাৰ মাতত মুখৰিত হৈছে নাহৰকটীয়াৰ লেঙেৰিজান খেলপথাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.