Bihu dance and Dhol badan workshop:ঢোল-পেঁপা-গগণাৰ মাতত মুখৰিত হৈছে নাহৰকটীয়াৰ লেঙেৰিজান খেলপথাৰ

By

Published : Mar 16, 2023, 2:12 PM IST

thumbnail

ডিব্ৰুগড়, 16 মাৰ্চ: পদূলি মুখত অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুটি । ঢোল-পেঁপা-গগণাৰ মাতত মুখৰিত হৈছে চৌদিশ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ আৰম্ভ হৈছে বিহু কৰ্মশালা ।

বিগত বৰ্ষৰ দৰে এইবাৰো নাহৰকটীয়া জুবলী মিউজিক ক্লাৱৰ উদ্যোগত নাহৰকটীয়াৰ লেঙেৰিজান খেলপথাৰত দহ দিনীয়াকৈ অনুষ্ঠিত কৰিছে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা (bihu dance and dhol badan workshop) । য'ত অংশগ্ৰহণ কৰিছে অঞ্চলটোৰ শতাধিক কণ কণ নাচনী তথা ঢুলীয়াই । জনপ্ৰিয় বিহুৱতী দীক্ষিতা গগৈ, দীপামনি আৰু ঢুলীয়া জেটলিৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষণ লোৱা আখৰাত ব্যস্ত কণ কণ নাচনীৰ পৰা বৰ বিহুৱতীলৈ ।

এইয়া বহাগক আদৰাৰ সময় ৷ ঢোল পেঁপাৰ চেৱত ব'হাগত এপাক কঁকাল ঘূৰাই নাচিবলৈ এইদৰে ব্যস্ত হৈ পৰিছে এইসকল ন-শিকাৰুসকল । ঢুলীয়াৰ হাতৰ বুলনিত গুমগুমাই উঠা ঢোলৰ মাতত কণকণ নাচনীয়ে ঢোলৰ তালে তালে কঁকাল ভাঙি নচাৰ লগতে বিহুৱা-বিহুৱতীয়ে জুৰিছে বিহুনাম (bihu dance workshop in Naharkatia) । প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত যেন ন-শিকাৰুৱে কঢ়িয়াই আনিব আগন্তুক ৰঙালী বিহুত আশাৰ বতৰা ।

এইদৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নাহৰকটীয়াতো হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ব্যস্ত প্ৰতিজন অসমীয়া ৷  অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ মানসেৰে আয়োজন কৰিছে এইদৰে বিহু কৰ্মশালা (bihu dance and dhol badan workshop across Assam) । 

লগতে পঢ়ক : Mass wedding ceremony: সোণাৰিত সমূহীয়া বিবাহ, হোমৰ গুৰিত বহিল 201যোৰা দৰা-কইনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.