আলফা(স্বা)ক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:41 AM IST

Updated : Dec 29, 2023, 12:19 PM IST

thumbnail

নগাঁও, 29 ডিচেম্বৰ : বহু অপেক্ষাৰ অন্তত আজি অৰ্থাৎ শুকুৰবাৰে (29 ডিচেম্বৰ, 23) নতুন দিল্লীত আলফা-ভাৰত চৰকাৰ-অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হ’ব । কিন্তু এই শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বে নগাঁৱৰ এগৰাকী চৰকাৰী কৰ্মচাৰী আলহী হ’ব লগা হ’ল ৰঙাঘৰৰ । আলফা চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰকমুহূৰ্তত আলফা স্বাধীনক সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিছে চৰকাৰী কৰ্মচাৰীগৰাকী ।

ধৃত কৰ্মচাৰীগৰাকীৰ নাম ধৰ্ম দত্ত বুলি জানিব পৰা গৈছে । নগাঁও পৌৰসভাৰ নিম্নবৰ্গৰ সহায়ক পদত নিয়োজিত আছিল নগাঁৱৰ উৰিয়া গাঁৱৰ ধৃত ধৰ্ম দত্ত । দুদিন পূৰ্বে আলফা স্বাধীনক সমৰ্থন কৰাৰ অভিযোগত ইতিমধ্যে নগাঁও পৌৰসভাৰ কৰ্মচাৰীগৰাকীক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ।

কিন্তু নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে সদৰী কৰা নাই কোনো তথ্য । আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰাহে জানিব পৰা গৈছে চৰকাৰী কৰ্মচাৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ তথ্য ৷

লগতে পঢ়ক : শান্তিচুক্তি: সাক্ষী হ’ব 14 জনগোষ্ঠীয় সংগঠন

Last Updated : Dec 29, 2023, 12:19 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.