ETV Bharat / state

শান্তিচুক্তি: সাক্ষী হ’ব 14 জনগোষ্ঠীয় সংগঠন

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:14 PM IST

Peace Accord With ULFA : আলফা-চৰকাৰৰ শান্তিচুক্তিত স্থান পাইছে অসম চুক্তিৰ 6 নং দফাই ৷ চুক্তিক্ষণৰ সাক্ষী হ’বলৈ আছুৰ বাদে অসমৰ 14 টা জনগোষ্ঠীয় সংগঠনক জনোৱা হৈছে নিমন্ত্ৰণ ৷

Peace Accord ULFA
আলফা শান্তিচুক্তি

নিউজ ডেস্ক, 28 ডিচেম্বৰ: 29 ডিচেম্বৰত হয়তো অন্ত পৰিব এক দীৰ্ঘদিনীয়া সমস্যাৰ ৷ প্ৰায় 12 বছৰে হ’ব হ’ব বুলি ৰৈ শান্তিচুক্তিখনত ত্ৰিপাক্ষিক স্বাক্ষৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়, অসম চৰকাৰৰ গৃহ বিভাগ আৰু আলফাৰ শীৰ্ষ নেতৃত্বই ৷

বিশেষ সূত্ৰে জানিব পৰা মতে আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হ’বলগীয়া চুক্তিখন প্ৰায় 15 দফীয়া ৷ স্বাভাৱিকতেই চুক্তিত থকা দফাসমূহ স্বাক্ষৰিত হোৱাৰ পূৰ্বে ৰাজহুৱা হোৱা নাই যদিও জানিব পৰা গৈছে যে অসম চুক্তিৰ 6 নং দফাই লাভ কৰিছে বিশেষ স্থান ৷ মূলতঃ অসম চুক্তিৰ 6 নং দফাকেই ভিত্তি কৰি শান্তিচুক্তিখন প্ৰস্তুত কৰা হৈছে ৷

প্ৰায় 38 বছৰৰ পূৰ্বে, অৰ্থাৎ 1985 চনৰ 15 আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা অসম চুক্তিখন আজিকোপতি ৰূপায়ন নহ’ল যদিও আলফা-চৰকাৰৰ চুক্তিৰ 6 নং দফাই আলফা-চৰকাৰৰ শান্তিচুক্তিত স্থান পোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাই হওক, অগপ কৰ্মীয়েই হওক অথবা 6 জনগোষ্ঠীয়েই হওঁক সুখী ৷ সমগ্ৰ অসমবাসীয়েই আশা কৰিছে আলফা-চৰকাৰৰ এই চুক্তিয়ে ইতিবাচক বতৰা কঢ়িয়াই আনিব ৷

কাইলৈ স্বাক্ষৰিত হ’বলগীয়া শান্তিচুক্তিৰ ক্ষণত কেৱল স্বাক্ষৰকাৰীসকলেই উপস্থিত নাথাকে ৷ শান্তিচুক্তি স্বাক্ষৰৰ সময়ত সাক্ষী হিচাবে উপস্থিত থাকিব আন বহু লোক ৷ শান্তিচুক্তিখন স্বাক্ষৰৰ সময়ত সাক্ষী হ’বৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে ৰাজ্যৰ 14 টাকৈ জনগোষ্ঠীয় সংগঠনক ৷ আলফাৰ তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে 6 জনগোষ্ঠী অৰ্থাৎ তাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মটক, মৰাণ, চাহ জনগোষ্ঠীৰ উপৰিও বড়ো, কাৰ্বি, ডিমাচাসহ মুঠ 14 টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক ৷

কিন্তু ৰহস্যজনক কথাটো হ’ল যে প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন, বিৰাজ শৰ্মা আদি সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ নেতাই স্বাক্ষৰ কৰা অসম চুক্তিখনৰ এটা দফাই স্থান পোৱা এই শান্তিচুক্তিখন স্বাক্ষৰৰ ক্ষণলৈ আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনোৱা নাই সদৌ অসম ছাত্ৰ সন্থাক ৷ খিলঞ্জীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক অস্তিত্ব সুৰক্ষিত কৰি ৰখাৰ চুক্তি স্বাক্ষৰৰ সময়ৰ সাক্ষী হ’বলৈ সদৌ অসম ছাত্ৰ সন্থাক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ নজনোৱাটোৱে সৃষ্টি কৰিছে ৰহস্যৰ ৷

উল্লেখ্য যে, কাইলৈ নতুন দিল্লীত আবেলি 7 বজাত স্বাক্ষৰিত হ’ব উক্ত শান্তিচুক্তি৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীৰ নৰ্থ ব্লকত আলফা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ব ত্ৰিপাক্ষিক চুক্তিখন৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নতুন দিল্লীৰ নৰ্থ ব্লকত এখন সভা অনুষ্ঠিত হয় আলফা নেতৃত্ব আৰু গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ নেতৃত্বৰ মাজত ৷

লগতে পঢ়ক: অৰণ্যৰ পৰা নৰ্থ ব্লকলৈ: 12 বছৰীয়া প্ৰচেষ্টাৰে 44 বছৰীয়া পৰিক্ৰমাৰ অৰ্ধসমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.