Mysterious Death in Guwahati: বেলতলাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ

By

Published : Apr 16, 2023, 2:13 PM IST

thumbnail

গুৱাহাটী, 16 এপ্ৰিল: মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ ৰঙালী বিহুৰ আনন্দ-উচাহৰ মাজতে মহানগৰীৰ বেলতলাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ ৷ দেওবাৰে পুৱাই বেলতলাৰ সৌৰভ নগৰত এটা মৃতদেহক কেন্দ্ৰ কৰি বিৰাজ কৰে তীব্ৰ উত্তেজনাই (Mysterious Death in Guwahati) ৷

সৌৰভনগৰৰ গৃহ নং 25ৰ গেটত ওলমি থকা অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ ৷ জানিব পৰা মতে লোকজন ত্ৰিপুৰাৰ সুবল দেৱ বাৰ্মা ৷ কোনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে গেটত ওলোমাই থোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ আনহাতে দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি আছিল সুবল দেৱ বাৰ্মা ৷ চিকিৎসাৰ বাবে ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ আহি গৃহ নং ২৫ ত ভাৰাতীয়া হিচাপে থকা আত্মীয়ৰ লগতে আছিল ব্যক্তিজন ৷ আত্মীয় কেইগৰাকী ক্ৰমে বিকি মণ্ডল, পোহৰ দেৱ বাৰ্মা আৰু চালকা দেৱ বাৰ্মা বুলি জানিব পৰা গৈছে (Mysterious Death at Beltola in Guwahati) ৷

পুৱাৰ ভাগত স্থানীয় ৰাইজ তথা আত্মীয়ই খবৰ দিয়াৰ লগে লগেই বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ প্ৰথম অৱস্থাত এইয়া হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও প্ৰাথমিক তদন্তত এইয়া আত্মহত্যা বুলি অনানুষ্ঠানিকভাৱে প্ৰকাশ কৰে আৰক্ষীয়ে ৷ দীৰ্ঘদিনে অসুস্থতাত ভূগি থকাৰ বাবেই এনে পন্থা লোৱা বুলি প্ৰকাশ কৰিব বিচাৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷  

উল্লেখ্য যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ পিচতেই মৃত ব্যক্তিজনৰ আত্মীয় কেইগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নিদিয়াকৈ অন্য স্থানলৈ গুচি যায় ৷ এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ৷ এইয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা এতিয়াও স্পষ্ট হোৱা নাই ৷ আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব সকলো তথ্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.