তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত মৰ্টাৰ বিস্ফোৰণ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 8:00 PM IST

thumbnail

বাক্সা, ১৬ জানুৱাৰী : বিহুৰ আনন্দ-উল্লাসৰ মাজতে তামুলপুৰত ঘটিল অঘটন ৷ মৰ্টাৰ বিস্ফোৰণত ভীতিগ্ৰস্ত হৈ পৰে ৰাইজ । তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ১ নং পাহাৰপুৰত সংঘটিত হয় এই মৰ্টাৰ বিস্ফোৰণ ৷

১ নং পাহাৰপুৰৰ চানু চুব্বাৰ বাসগৃহত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ বিস্ফোৰণত কথমপি প্ৰাণৰক্ষা পৰে সাতজনীয়া পৰিয়ালটোৰ ৷ মঙলবাৰে পুৱাৰে পৰা পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত চলিছিল সেনাৰ নিয়মীয়া প্ৰশিক্ষণ ৷ প্ৰশিক্ষণৰ সময়ত লক্ষ্যভ্ৰষ্ট হৈ মৰ্টাৰ পাহাৰত নপৰি এখন মুকলি পথাৰত চিটিকি পৰি দ গাঁতৰ সৃষ্টি হোৱাৰ উপৰিও মৰ্টাৰ চিটিকি ১ নং পাহাৰপুৰৰ চানু চুব্বাৰ ঘৰত পৰে ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, দীঘলীয়া সময়ধৰি তেওঁলোকে এনেধৰণৰ ঘটনাৰ সন্মুখীন হৈ আহিছে ৷ বহুবাৰ ফায়াৰিং ৰেঞ্জ সেই স্থানৰ পৰা অন্য ঠাইলৈ নিয়াৰ কথা উত্থাপন কৰিছিল যদিও সেইয়া আজিও হৈ নুঠিল ৷

লগতে পঢ়ক : আৰক্ষীৰ বাহনৰেই নাই প্ৰয়োজনীয় নথি-পত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.