আৰক্ষীৰ বাহনৰেই নাই প্ৰয়োজনীয় নথি-পত্ৰ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 1:34 PM IST

thumbnail

বাক্সা, ১৩ জানুৱাৰী: কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ পৰিবহণ বিভাগ । যি সময়ত ৰাজ্যৰ আৰক্ষী প্ৰশাসন যান-বাহনৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ হৈছে সেই সময়তেই খোদ চৰকাৰী বিভাগৰ বাহনৰেই নাই অনুজ্ঞাপত্ৰ । বাক্সা জিলাৰ বৰমাত আৰক্ষীৰ বাহনৰেই প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

প্ৰশাসনে চৰকাৰী নিয়ম নমনাসকলক হাজাৰ হাজাৰ টকাৰ জৰিমনা বিহাৰ মাজতেই বাক্সাৰ বৰমাত আৰক্ষীৰ বাহনৰেই নাই প্ৰয়োজনীয় নথি-পত্ৰ । যিখন বাহন বৰমা আৰক্ষী চকীয়ে চালান কাটিবলৈ ব্যৱহাৰ কৰে সেইখন বাহনৰেই নাই প্ৰদূষণ, বীমা আৰু কৰ পৰিশোধ কৰা নথি-পত্ৰ । AS30 8736 নম্বৰৰ এই বাহনখন কোনো কাগজ-পত্ৰ নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তদুপৰি বৰমাৰ দলবাৰী আউট পোষ্টে ব্যৱহাৰ কৰে AS30 5644 নম্বৰৰ এখন পুৰণি বাহন । এই বাহনখনৰো কোনো ৰেকৰ্ডেই নাই পৰিবহণ এপত । বাহনখনত নাই ভাৰতীয় নম্বৰ প্লেট । 

লগতে পঢ়ক:ভাৰতৰ পঞ্চম শীৰ্ষ পক্ষী আৱাসস্থলী হিচাপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.