MLA Terosh Gowalla: চাহ শ্ৰমিকক দৰমহাসহ কৰম পূজা বন্ধ দিবলৈ আহ্বান বিধায়ক তেৰছ গোৱালাৰ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 8:48 PM IST

thumbnail

ডিব্ৰুগড়, ১৯ ছেপ্টেম্বৰ: চাহ জনগোষ্ঠীয় লোকসকলৰ অতি পবিত্ৰ ধৰ্মীয় উৎসৱ কৰম পূজা উপলক্ষে ২৫ ছেপ্টেম্বৰ দিনটো চৰকাৰে পেইড হলি ডে’ ঘোষণা কৰাক লৈ ৰাজ্যৰ চৌপাশে প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ-শ্ৰমিকসকলে ৷ ৰাজ্যৰ শ্ৰম বিভাগে চাহ শ্ৰমিকসকলক কৰম পূজাৰ বন্ধ পালন কৰি কোনো এটা বন্ধৰ দিনত কাম কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷ অন্যথা শ্ৰমিকসকলে এটা দিনৰ মজুৰি নাপাব বুলিও এই নিৰ্দেশনা উল্লেখ কৰা হৈছে ৷ চৰকাৰী এই নিৰ্দেশনাক লৈ চাহ শ্ৰমিকৰ লগতে চাহ জনগোষ্ঠীৰ দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে ।

এনে সময়তে মঙলবাৰে চাহ শ্ৰমিকক দৰমহাসহ কৰম পূজা বন্ধ দিবলৈ আহ্বান জনাইছে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই । এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চাহ জনগোষ্ঠীৰ বিধায়কগৰাকীয়ে কয়, চৰকাৰে চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ কৰম পূজাত বন্ধ ঘোষণা কৰাটো চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে ভাল খবৰ । লগতে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাই কয়, কৰম পূজাৰ বন্ধ ঘোষণা কৰা লগতে চাহ শ্ৰমিকৰ বাবে মজুৰীসহ বন্ধ ঘোষণা কৰিব লাগে ।

লগতে পঢ়ক: AATSA Protest: বাগিচা অঞ্চলত নিষিদ্ধ হ’ব পাৰে যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.