ETV Bharat / state

AATSA Protest: বাগিচা অঞ্চলত নিষিদ্ধ হ’ব পাৰে যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 5:55 PM IST

কৰম পূজাৰ বন্ধ সম্পৰ্কত চেলেংহাটত তীব্ৰ প্ৰতিবাদ ৷ সাংসদ তপন গগৈক নিষিদ্ধ ঘোষণা কৰাৰ হুংকাৰ আটাছাৰ ৷ কিন্তু কিয় ? সৱিশেষ পঢ়ক...

AATSA Protest
AATSA Protest

কৰম পূজাৰ বন্ধ সম্পৰ্কত চেলেংহাটত তীব্ৰ প্ৰতিবাদ

যোৰহাট, 16 ছেপ্টেম্বৰ: শেহতীয়াকৈ চাহ জনগোষ্ঠীয় লোকসকলৰ মূল উৎসৱ কৰম পূজাৰ বন্ধ সম্পৰ্কীয় এক ঘোষণাক লৈ বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে কৰম পূজা দিনা চাহ শ্ৰমিকসকলৰ বাবে পাৰিশ্ৰমিকসহ ছুটীৰ দিন ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যদিও উক্ত দিনাৰ কামসমূহ অন্য এটা দিনত কৰাই ল’ব পাৰিব বাগিচা কৰ্তৃপক্ষই । উক্ত বাক্যশাৰীৰ সংযোজন কৰাক লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে চাহ বাগিচা অঞ্চলসমূহ।

এই লৈ শুকুৰবাৰে যোৰহাট জিলাৰ চেলেং চাহ বাগিচাৰ মাজনৈত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই । এই কাৰ্যসূচীত মাজনৈ চাহ বাগিছাৰ চাহ শ্ৰমিকৰ লগতে আটছা মৰিয়নি শাখাৰ সম্পাদক দিনেশ চাহু, উপ সভাপতি অজয় তাঁতী, জিলা সমিতিৰ জ‌য়প্ৰকাশ ৰজক, চেলেং হাট উপ-শাখাৰ সমূহ বিষয়ববীয়াৰ লগতে সভাপতি গুঞ্জন পাত্ৰ, সম্পাদক শিৱা লস্কৰ তাঁতী, মাজনৈ প্ৰাথমিক গোটৰ সকলো বিষয়ববীয়াৰ আৰু নকাচাৰি উপ-শাখাৰ বিষয়ববীয়া উপস্থিত থাকে ।

এই প্ৰতিবাদস্থলীত চৰকাৰ বিৰোধী প্ৰতিবাদী শ্ল’গান দি পৰিৱেশ উত্তাল কৰাৰ লগতে যোৰহাট লোক সভাৰ সাংসদ তপন গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে আটছাৰ নেতৃত্ব । সাংসদ তপন গগৈয়ে কোনোদিনে চাহ শ্ৰমিকৰ সপক্ষে মাত নমতাৰ লগতে বাগিচা অঞ্চলৰ ৰাইজৰ খবৰ নলয় বুলি অভিযোগ কৰাৰ লগতে অনাগত দিনত তেওঁক চাহ বাগিচাত নিষিদ্ধ ঘোষণাৰ হুংকাৰ দিয়ে আটছাৰ লগতে শ্ৰমিক ৰাইজে ।

উল্লেখ্য যে ৰাজ্যৰ চাহ বাগিচাসমূহৰ লগতে চাহ শ্ৰমিকসকলৰ জীৱন-শৈলী উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি ঘোষণা কৰি আহিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ মাজতে কৰম উৎসৱক লৈ গ্ৰহণ কৰা এনে চৰকাৰী সিদ্ধান্তত স্বাভাৱিকতেই ক্ষুব্ধ হৈ পৰিছে চাহ শ্ৰমিকসকল ৷

লগতে পঢ়ক: Assam govt debt: দহ বছৰত চৰকাৰে ঋণৰ সুদ হিচাপে দিলে ৩৪,৯৬৮ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.