ETV Bharat / state

Assam govt debt: দহ বছৰত চৰকাৰে ঋণৰ সুদ হিচাপে দিলে ৩৪,৯৬৮ কোটি টকা

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 3:35 PM IST

ধাৰৰ বোজাত কোঙা হৈ পৰা ৰাজ্যখনৰ ২০২১-২২ বৰ্ষলৈ ঋণ পৰিমাণ হৈছে ১,০১,৯৯৭ কোটি টকা । বৰ্তামান সময়ত চৰকাৰে বছৰি ঋণৰ সুদ হিচাপে ছয় হাজাৰ কোটি টকা দিব লগা হৈছে । ভোটৰ অংকত হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়াত বৃদ্ধি পাইছে ঋণৰ বোজা । বিগত তিনিটা বছৰত অৰুণোদয় আঁচনিৰ নামত চৰকাৰৰ ব্যয় ৫,১৭৬.৭৯ কোটি টকা ।

Assam govt debt
Assam govt debt

গুৱাহাটী,১৬ ছেপ্টেম্বৰ: ঋণ-ধাৰ কৰি হ'লেও ঘিউ-মৌ খাব লাগে । এই নীতিকে সৰোগত কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোচ বিহীনভাৱে ঋণৰ ওপৰত ঋণ লৈ আহিছে । চৰকাৰখনৰ এনে মানসিকতাৰ বাবে ঋণৰ বোজাত কোঙা হৈ পৰিছে ৰাজ্যবাসী ।

ভোটৰ অংকত হিতাধিকাৰী সৃষ্টিত যথেষ্ঠ গুৰুত্ব দি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । যাৰ ফলত প্ৰত্যেক মাহে বৃদ্ধি পাইছে ঋণৰ বোজা । ইফালে ঋণৰ বোজা বৃদ্ধি পোৱাৰ ফলত সুদৰ পৰিমাণো বৃদ্ধি পাইছে ।

বৰ্তমান সময়ত চৰকাৰে বছৰি ঋণৰ সুদ হিচাপে ছয় হাজাৰ কোটি টকা দিব লগা হৈছে । বিভিন্ন দল-সংগঠনৰ কঠোৰ সমালোচনাৰ পাছতো কিন্তু চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই । বিধানসভাৰ সদ্যসমাপ্ত অধিৱেশনতো চৰকাৰখনৰ ঋণৰ প্ৰসংগ উত্থাপন হয় ।

এই সন্দৰ্ভত বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষটোও বাদ দি ২০১২-১৩ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈহে ঋণৰ হিচাপ সদনৰ মজিয়াত দাঙি ধৰে ।

সেই অনুসৰি ২০১২-১৩ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈ বিগত দহটা বছৰত অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হ’ল ১,০১,৯৯৬.৯৫ কোটি টকা । আনহাতে ইয়াৰ বিপৰীতে অসম চৰকাৰে পৰিশোধ কৰা সুদৰ পৰিমাণ হ’ল ৩৪,৯৬৮.৫০ কোটি টকা ।

তথ্য অনুসৰি ২০১২-১৩ বিত্তীয় বৰ্ষত অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ২,৭৫৭.৭৫ কোটি টকা । আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ১৭,১৪৮.৪১ কোটি টকা আৰু সুদৰ পৰিমাণ আছিল ৬০৫১.৪৭ কোটি টকা ।

লক্ষণীয় বিষয় যে ৰাজ্যত ঋণৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱাত তীব্র সমালোচনাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । ইফালে ঋণৰ বোজা বৃদ্ধি পোৱাৰ পিছতো শাসকীয় পক্ষৰ বিধায়কসকলে তৰল মন্তব্য দিয়াৰ পৰা বিৰত থকা নাই ।

লক্ষণীয় বিষয় যে চৰকাৰে হিতাধিকাৰী আঁচনি বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে যে ঋণৰ পৰিমাণ বাঢ়ি গৈ আছে সেই কথা সদনত দাখিল কৰা তথ্যতে স্পষ্ট হৈ পৰিছে ।

উল্লেখ্য যে অৰুণোদয় আঁচনিৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত ৮৫০.২২ কোটি টকা, ২০২১-২২ বিত্তীয় বৰ্ষত ১,৮২৫.৫৩ কোটি টকা আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ২,৫০১.০৪ কোটি টকা ব্যয় কৰিছে ৰাজ্য চৰকাৰে ।

বিগত তিনিটা বছৰত অৰুণোদয় আঁচনিৰ নামত চৰকাৰৰ ব্যয় হয় মুঠ ৫,১৭৬.৭৯ কোটি টকা । এনেদৰে বিভিন্ন হিতাধিকাৰী আঁচনিৰ নামত চৰকাৰৰ ব্যয় হয় বুজন পৰিমাণৰ পুঁজি । যাৰ জোৰা মাৰিবলৈ ল'বলগীয়া হৈছে ঋণ ।

লগতে পঢ়ক: Riniki Bhuyan Sarma land scam: সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰত ওলাল মুখ্যমন্ত্রী পত্নীৰ ৰাজসাহায্য লাভৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.