Inaugurate mobile veterinary clinic : নাহৰকটীয়াত ভ্ৰাম্যমাণ পশু চিকিৎসা ক্লিনিক শুভাৰম্ভ

By

Published : Jul 28, 2023, 2:25 PM IST

thumbnail

নাহৰকটীয়া, ২৮ জুলাই : পশুপালকসকলৰ বাবে এক সুখবৰ । আপোনাৰ পশুধন কোনো ৰোগত আক্ৰান্ত হ’লে অথবা দুৰ্ঘটনাত পতিত আপুনি যাব নালাগে চিকিৎসালয়ত । কাৰণ এতিয়াৰ পৰা তৎক্ষণাতে আপোনাৰ পদূলিত উপস্থিত হ’ব পশু চিকিৎসকৰ দল ।

বৃহস্পতিবাৰে নাহৰকটীয়াৰ ৰাজ্যিক পশু চিকিৎসালয়ত মুকলি কৰা হয় ভ্ৰাম্যমাণ পশুধন সাৰথি নামৰ এক বাহন । নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে এই বাহনখন । এতিয়াৰ পৰা পশুপালকসকলে ১৯৬২ টলফ্ৰী নম্বৰত যোগাযোগ কৰিলে মুহুৰ্ততে পশুপালকৰ পদূলি উপস্থিত হ’ব পশুধন সাৰথি নামৰ বাহনখন ।

এই এম্বুলেন্সখনৰ যোগেদি নাহৰকটীয়া সমষ্টিৰ পশুপালক তথা কৃষকসকল যথেষ্ট উপকৃত হোৱাৰ লগতে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত ১৯৬২ ট্ৰল ফ্ৰী নম্বৰত যোগাযোগ কৰি ঘৰতে বহি এই সুবিধা গ্ৰহণ কৰিবলৈ বিধায়কগৰাকীয়ে ৰাইজক আহ্বান জনায় । এগৰাকী চিকিৎসক, চিকিৎসাকৰ্মী আৰু এজন চালক থাকিবলগীয়া এই বাহনখন বিয়লি ৪ বজাৰ পিচত কেৱল আপাতকালীন সেৱাতহে উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে পশুপাল আৰু পশু চিকিৎসা বিভাগে ।

লগতে পঢ়ক : Manipur violence : মণিপুৰৰ নাৰী নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে অৰুণাচলত প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.