Manipur violence : মণিপুৰৰ নাৰী নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে অৰুণাচলত প্ৰতিবাদী সমদল

By

Published : Jul 28, 2023, 1:10 PM IST

thumbnail

জোনাই, 28 জুলাই: মণিপুৰত সংঘটিত হোৱা বৰ্বৰোচিত নাৰী নিৰ্যাতনৰ ঘটনাটোৰ প্ৰতিবাদ জনায় অৰুণাচল প্ৰদেশৰ লিকাবালিত ৰাজপথলৈ ওলায় আহিল বহু দল-সংগঠনৰ লগতে সহস্ৰাধিক ৰাইজ ৷ মানৱতাক ভূ-লুণ্ঠিত কৰি চলোৱা চৰম নিৰ্যাতনৰ প্ৰতিবাদত মিটা য়ুথ এচ'ছিয়েছন, উইমেন ৱেল ফেয়াৰ চ'ছাইটি, নামনি চিয়াং জিলা ছাত্ৰ সন্থা, গা'ল য়ুথ, ম'গ ব'গ ফেডাৰেছন আদি বিভিন্ন সংগঠনৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ । 

"নাৰী নিৰ্যাতনকাৰীক ফাঁচী দিয়ক, নাৰীক ন্যায় প্ৰদান কৰক, গোষ্ঠী সংঘৰ্ষ নচলিব, নাৰী নিৰ্যাতন বন্ধ কৰক" আদি শ্লগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । অশান্ত জৰ্জৰ মণিপুৰত নাৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে একেমুখে ধিক্কাৰ দিয়াৰ লগতে শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনায় প্ৰতিবাদী ৰাইজে । 

লগতে পঢ়ক : Anju Pakistan news: অঞ্জুক গ্ৰহণ নকৰে স্বামীয়ে; তৰিব অপৰাধমূলক গোচৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.