Model Anganwadi Centre: নলবাৰীৰ লোহাৰকাঠাত মডেল অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক দিগন্ত বৰ্মনৰ

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 9:07 PM IST

thumbnail

নলবাৰী, 23 আগষ্ট : নলবাৰীৰ লোহাৰকাঠাত বুধবাৰে এটা মডেল অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰা হয় ৷ অংগনবাড়ী কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে ৷ বৃহত্তৰ পূব বৰক্ষেত্ৰী অঞ্চলৰ লোহাৰকাঠাত মডেল অংগনবাড়ী কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ 

উল্লেখযোগ্য যে সমাজ কল্যাণ বিভাগে কেইবাটাও অঞ্চলত একোটাকৈ স্থাপন কৰি আহিছে এই মডেল অংগনবাড়ী কেন্দ্ৰসমূহ ৷ বুধবাৰে জিলাখনৰ পূব বৰক্ষেত্ৰী প্ৰান্তৰ লোহাৰকাঠাত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা কেন্দ্ৰটোৰ পৰা শিশুসকল উপকৃত হ’ব বুলি সদৰী কৰে বিধায়কজনে ৷ 

এই  অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, নলবাৰী জিলা সমাজ কল্যাণ বিষয়া সুকন্যা দাস, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলীকে ধৰি অঞ্চলটোৰ ভালে সংখ্যক লোক ৷

লগতে পঢ়ক : Artificial floods in Nalbari: নলবাৰীক কৃত্ৰিম বানমুক্ত কৰাৰ প্ৰয়াস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.