মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ পৰিদৰ্শন বিধায়ক ভুৱন গামৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 4:06 PM IST

thumbnail

মাজুলী, ২১ নৱেম্বৰ: মাজুলীবাসীৰ দুই লাখ জনতাৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম চলি আছে । আজি মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে বিধায়ক ভুৱন গাম আৰু মাজুলী জিলা আয়ুক্ত কাবেৰী বি শৰ্মাই । হাতীশালৰ দিশৰ দলঙৰ নিৰ্মাণৰ কামো পৰিদৰ্শন কৰে তেওঁ ।

দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি মাজুলীৰ বিধায়ক গৰাকীয়ে কয় যে দলঙৰ কাম বাৰিষাৰ পিছত খৰতকীয়া হৈছে । বাৰিষাৰ বাবে কিছুদিন খৰখেদাকৈ কৰিব পৰা নাছিল । মাজুলীৰ বিধায়ক গৰাকীয়ে কয় যে মাজুলীবাসীৰ সপোনৰ দলংখনৰ ৭১ টা খুটাৰ ভিতৰত ৫২ টা খুটাৰ কাম হৈছে । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীক কৈছিল ২০২৬ চনত মাজুলী যোৰহাট দলঙৰে পাৰ হৈ আকৌ ধুনাগুৰি লখিমপুৰ সংযোগী দলঙৰে পাৰ হৈ লখিমপুৰলৈ যাম ৷ সেই মতেই দলঙৰ কাম শেষ হ'ব বুলি কয় বিধায়ক গৰাকীয়ে । ৰাসত মাজুলীলৈ আহোঁতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰিব বুলিও কয় বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক :জলসম্পদ বিভাগৰ জোৰা তাপলি, গছৰ ডালত মাটিৰ বস্তা বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.