ETV Bharat / politics

ভাঙোন নিশ্চিত ! 2026ত অকলেই যুঁজ দিব নেকি কংগ্ৰেছে ? - Assam Congress

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 4:27 PM IST

Reshuffle in APCC : ২০২৬ ত কংগ্ৰেছ দলে অকলে যুঁজ দিয়াৰ ইংগিত ভূপেন‌ বৰাৰ ৷ বিৰোধী সহযোগী দলসমূহৰ লগত কথা পাতি বেছি‌ সময়‌ খৰচ নকৰে কংগ্ৰেছে ৷ তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ দলত ব্যাপক সাল-সলনি কৰা হ’ব ৷

BHUPEN BORAH PRESS MEET
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন‌ বৰাৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 27 মে': লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত অসমত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চ থাকিবনে, 2026 চনৰ‌ বিধানসভা নিৰ্বাচন বি জে পিৰ‌ বিৰুদ্ধে বিৰোধীয়ে ঐক্যবদ্ধভাবে যুঁজ দিবনে, সেয়া এতিয়া অসমৰ ৰাজনীতিত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কাৰণ ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাইজৰ দলৰ সভাপতি অখিল‌ গগৈলৈ চৰ্চিত পত্ৰখন প্ৰেৰণ কৰাৰ লগতে অজাপ আৰু ৰাইজৰ দলে লগ লাগি বিকল্প আঞ্চলিক দল গঠন কৰাৰ চৰ্চা হোৱাৰ পিচতে অসমত বিৰোধী ঐক্যৰ ভাঙোন প্ৰায় নিশ্চিত দেখা গৈছে ৷

অকলে যুঁজ দিয়াৰ ইংগিত ভূপেন‌ বৰাৰ (ETV BHARAT ASSAM)

তাৰ পিচতে সোমবাৰে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইধৰণৰে এক ইংগিত দিয়ে ৷ গুৱাহাটীত সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকক সম্বোধন কৰি এক প্ৰকাৰ ঘোষণা কৰে যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত কংগ্ৰেছ দলে বিৰোধী সহযোগী দলসমূহৰ লগত কথা পাতি বেছি‌ সময়‌ খৰচ নকৰে ৷ তাৰ পৰিৱৰ্তে কংগ্ৰেছ দলটোক 2026 চনত বিধানসভা নিৰ্বাচনত অকলে যুঁজ দিয়াৰ বাবে সাজু কৰাৰ কামত বেছি মনোনিৱেশ কৰা হ'ব ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় "এইবাৰ আমি বি জে পিক‌ সমালোচনা কৰা , সহযোগী দলসমূহৰ লগত কথা পতা কামৰ পৰা কিছু উৰ্ধলৈ গৈ কংগ্ৰেছ দলক ৰাইজৰ‌ মাজত অধিক আস্থাভাজন কৰাৰ কামত মনোনিৱেশ কৰিম ৷" তেওঁ লগতে কয় যে, অখিল গগৈ আৰু বি জে পিৰ ক্ষেত্ৰত বেছি সময় খৰচ নকৰি দলটোক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে গঢ়ি তোলাৰ ভিজন প্ৰস্তুত কৰা হ'ব ৷ দলটোক শক্তিশালী কৰা হ'ব ৷

তেওঁ জনাই যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত অসমত কংগ্ৰেছ দলটোক পুনৰ গঠন‌ কৰা হ'ব ৷ যোৱা তিনিবছৰৰ কাম-কাজৰ ভিত্তিত তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ পদৰ ব্যাপক সাল-সলনি কৰি কামৰ‌ ভিত্তিত দলীয় দায়িত্ব দিয়া‌ হ’ব ৷ বৰাই জনাই যে 10 জুনৰ পৰা অসমৰ বিভিন্ন ঠাইত কংগ্ৰেছ দলে ৰাজ্যিক ভিত্তিত চাহ উদ্যোগ, কৃষি , শিক্ষা আৰু উদ্যোগীকৰণ সন্দৰ্ভত চাৰিখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিব ৷

লগতে পঢ়ক : দুই আঞ্চলিক শক্তি একত্ৰীকৰণ প্ৰসংগত লুৰীণৰ মুখত কেৱল অজিত ভূঞাৰ নাম! - Merger Of Regional Party

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.