ETV Bharat / state

বেংক প্ৰবন্ধকক বিচাৰি থানাত ভিৰ মহিলাৰ - Manager arrested in majuli

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 3:45 PM IST

Financial fraud: আৰক্ষীৰ জালত বেংক প্ৰবন্ধক পুলিন শইকীয়া ৷ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিচতো প্ৰাপ্য ধন গ্ৰাহকক ঘূৰাই নিদিয়াৰ অভিযোগ প্ৰবন্ধকৰ বিৰুদ্ধে ৷

Manager of nidhi bank in majuli arrested on charges of financial transactions negligence
আৰক্ষীৰ জালত বেংক প্ৰবন্ধক পুলিন শইকীয়া (Etv bharat assam)

মাজুলী, 27 মে’: ৰাজ্যত বৃদ্ধি পাইছে প্ৰৱঞ্চনা সংক্ৰান্তীয় কাৰ্যকলাপ ৷ নিত্য নতুন কৌশল খটুৱাই, বিভিন্ন বেশ ধৰি প্ৰৱঞ্চকে বিভিন্ন সময়ত প্ৰৱঞ্চনাৰ জাল পতা পৰিলক্ষিত হৈছে ৷ সময়ে সময়ে প্ৰৱঞ্চকবোৰ আৰক্ষীৰ জালত পৰিছে যদিও সহজ ধনৰ লালসাত বৰ্তমানেও প্ৰৱঞ্চকে ফান্দ পতা কাৰ্য অব্যাহত আছে ৷

আৰক্ষীৰ জালত বেংক প্ৰবন্ধক পুলিন শইকীয়া (Etv bharat assam)

আৰ্থিক লেনদেনৰ গাফিলতিৰ অভিযোগত এইবাৰ মাজুলীৰ গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বেংক প্ৰবন্ধক পুলিন শইকীয়াক ।

জানিব পৰা মতে, মাজুলীৰ গড়মূৰত নিধি বেংক নামৰ এটা আৰ্থিক প্রতিষ্ঠান গঢ় লৈ উঠিছিল । গড়মূৰত থকা এই নিধি বেংকৰ শাখাটোত মাজুলীৰ বহু ব্যক্তিয়ে নিজৰ কষ্টৰ ধন জমা কৰিছিল । কিন্তু যিসকল ব্যক্তিয়ে নিধি বেংকটোত টকা জমা থৈছিল সেইসকলৰ জমাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিচতো ঘূৰাই দিয়া নাই বুলি গ্ৰাহকসকলে অভিযোগ তুলিছে বেংক প্ৰবন্ধক পুলিন শইকীয়াৰ বিৰুদ্ধে । প্ৰতিবাৰেই গ্ৰাহকসকলে প্ৰাপ্য ধন আদায় দিবলৈ বেংক প্ৰবন্ধকক অনুৰোধ জনাইছিল যদিও প্ৰতিবাৰেই নতুন নতুন দিন দি গ্ৰাহকসকলক ঘূৰাই পঠিয়াইছিল ৷ প্ৰবন্ধকৰ এই কাৰ্যত অতিষ্ঠ হৈ পৰিছিল গ্ৰাহকসকল ।

ইয়াৰ পিচতেই ৰিপুঞ্জ দাস নামৰ ব্যক্তি এজনে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল । ৰিপুঞ্জ দাস নামৰ ব্যক্তিজনৰ গোচৰৰ ভিত্তিত মাজুলীৰ গড়মূৰ আৰক্ষীয়ে আটক কৰিছে নিধি বেংকৰ প্ৰবন্ধকক । প্ৰবন্ধক পুলিন শইকীয়াক লখিমপুৰ জিলাৰ ঘিলামৰাৰ পৰা গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

গড়মূৰ আৰক্ষীয়ে বেংকৰ প্ৰবন্ধক পুলিন শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পাচতেই ধন বিচাৰি থানাত গ্ৰাহকে ভিৰ কৰে ৷ ইফালে পুলিন শইকীয়াৰ বিৰুদ্ধে 28/24 under sec 120B/ 409/417/420 IPC গোচৰ ৰুজু কৰিছে গড়মূৰ আৰক্ষীয়ে । পুলিন শইকীয়াক 5 দিনৰ আৰক্ষীৰ জিম্মাত লৈ গড়মূৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ন্যায়াধীশৰ জাল চহী কৰি ৰঙাঘৰৰ আলহী হ'ল অধিবক্তা - Advocate fraud case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.