ETV Bharat / bharat

ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ অৰুণাচলবাসীৰ : নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে ভাৰতীয় সেনাই - DARE DEVILS PERFORMANCE

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 3:11 PM IST

Indian Army Motor Cycle Riders : মুঠ একত্ৰিশটা বিশ্ব অভিলেখ গঢ়া ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ হ’ল দৰ্শকৰ ৷ অৰুণাচলত শিহৰণকাৰী মটৰ চাইকেল ষ্টান্ট প্ৰদৰ্শন কৰিলে ভাৰতীয় সেনাৰ দলটোৱে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

তেজপুৰ, ২৭ মে’ : ভাৰতীয় সেনাৰ মটৰ চাইকেল আৰোহীৰ এটা জনপ্ৰিয় দল হ’ল ডেয়াৰ ডেভিলছ্ ৷ কৰ্পছ অব্ চিগনেলছৰ মটৰ চাইকেল ৰাইডাৰ ডিছপ্লে’ টীমটোৱে শেহতীয়াকৈ ৰূপাৰ গ্যাপটং আঞ্চলিক ষ্টেডিয়ামত গজৰাজ কৰ্পছৰ সৈন্যৰ হৈ এক বিশেষ অনুষ্ঠান প্ৰদৰ্শন কৰে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপাত ৷

Indian Army Motor Cycle Riders
ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ অৰুণাচলবাসীৰ (ETV Bharat Assam)

উক্ত অনুষ্ঠানত স্থানীয় লোকৰ ব্যাপক সঁহাৰি লাভ কৰাৰ লগতে শিহৰণকাৰী ষ্টাণ্টত মুগ্ধ হৈ পৰে দৰ্শকসকল ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে অনুষ্ঠানটোত ভাৰতীয় সেনা, সীমান্ত পথ সংস্থা আৰু অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰূপাৰ অতিৰিক্ত উপ-আয়ুক্ত লবছাং চেতান আৰু সহকাৰী আৰক্ষী অধীক্ষক পৱন কুমাৰ যাদৱ ।

Indian Army Motor Cycle Riders
ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ অৰুণাচলবাসীৰ (ETV Bharat Assam)

এই অনুষ্ঠানটোৰ জৰিয়তে অৰুণাচল প্ৰদেশত দলটোৱে তৃতীয়টো প্ৰদৰ্শন কৰে ৷ ইয়াৰ পূৰ্বে ২০১৭ চনত একেখন ষ্টেডিয়ামতে মটৰ চাইকেল ষ্টান্ট প্ৰদৰ্শন কৰিছিল ডেয়াৰ ডেভিলছে ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ ৰূপা আৰু টেংগা উপত্যকাৰ স্থানীয় লোকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰে দলটোৱে ৷ ভাৰতীয় সেনাবাহিনীত যোগদান কৰি এনেধৰণৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত স্থানীয় যুৱক-যুৱতী অনুপ্ৰাণিত হ’ব বুলি আশা প্ৰকাশ কৰে লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ৷

Indian Army Motor Cycle Riders
ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ অৰুণাচলবাসীৰ (ETV Bharat Assam)

উল্লেখ্যযোগ্য যে আত্মনিয়ন্ত্ৰণ, মানসিক সজাগতা, অতুলনীয় সাহস, কষ্টসহিষ্ণুতা আৰু মটৰ চাইকেল পৰিচালনাৰ নিখুঁত তথা ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে ডেয়াৰ ডেভিলছ দলটো বিখ্যাত ৷ স্প্লিট চেকেণ্ডলৈকে সময় নিৰ্ধাৰণ কৰা তেওঁলোকৰ ষ্টাণ্টে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে ৷ দলটোৱে মটৰ চাইকেলত মানৱ শৃংখলো প্ৰদৰ্শন কৰে আৰু সেই দৃশ্যই দৰ্শকক অধিক আকৰ্ষণ কৰে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতাৰ বাবে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় সেনাৰ Dare Devils এ বৰ্তমানলৈকে মুঠ একত্ৰিশটা বিশ্ব অভিলেখ গঢ়িছে ৷ গীনিজ, লিমকা, এছিয়া আৰু ইণ্ডিয়া বুক অব্ ৰেকৰ্ডত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে দলটোৱে ৷

মটৰ চাইকেল ৰাইডাৰছ ডিছপ্লে টীম, সেনাৰ কৰ্পছ অৱ চিগনেলছৰ ডেয়াৰ ডেভিলছ হৈছে ভাৰতীয় সেনাৰ আটাইতকৈ পুৰণি প্ৰদৰ্শনকাৰী ৰাইডাৰ ডিছপ্লে টীম ৷ ১৯৩৫ চনত আৰম্ভ হোৱাৰ পৰাই জবলপুৰৰ মুখ্য কাৰ্যালয় ১ চিগনেল প্ৰশিক্ষণ কেন্দ্ৰই দলটোক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷

লগতে পঢ়ক: উত্তৰ ছিকিমৰ গ্ল'ফ আক্ৰান্ত গাঁৱত ত্ৰিশক্তি কৰ্পছৰ চিকিৎসা শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.