ETV Bharat / bharat

উত্তৰ ছিকিমৰ গ্ল'ফ আক্ৰান্ত গাঁৱত ত্ৰিশক্তি কৰ্পছৰ চিকিৎসা শিবিৰ - Operation Sadbhavana

Indian Army Trishakti Corps: উত্তৰ ছিকিমৰ গ্ল'ফ আক্ৰান্ত গাঁৱত চিকিৎসা শিবিৰ ৷ অপাৰেচন সদ্ভাৱনাৰ অধীনত সহায়ৰ হাত আগবঢ়ায় ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছে ৷

Indian Army Trishakti Corps
গ্ল'ফ আক্ৰান্ত গাঁৱত ত্ৰিশক্তি কৰ্পছৰ চিকিৎসা শিবিৰ (Photo: @trishakticorps)
author img

By ETV Bharat Assamese Team

Published : May 12, 2024 at 10:22 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ১২ মে’ : অপাৰেশ্যন সদ্ভাৱনা প্ৰকল্পৰ অধীনত ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছে ৰংৰাং আৰু নগা গাঁৱত উত্তৰ ছিকিমৰ স্থানীয় লোকৰ প্ৰতি নিজৰ চিৰস্থায়ী দায়বদ্ধতাক পুনৰ দৃঢ় কৰে ৷ বিধ্বংসী হিমবাহ হ্ৰদৰ বিস্ফোৰণৰ (GLOF) পিচত সাহায্য সামগ্ৰী যোগান ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি ত্ৰিশক্তি কৰ্পছৰ ৱাৰিয়ৰ্ছে এই দুৰ্গম গাঁওসমূহৰ জনসাধাৰণৰ সৈতে অটল সংহতিৰ প্ৰতীক হিচাপে নগা আৰু ৰং ৰং গাঁৱৰ ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰে ।

Indian Army Trishakti Corps
গ্ল'ফ আক্ৰান্ত গাঁৱত ত্ৰিশক্তি কৰ্পছৰ চিকিৎসা শিবিৰ (Photo: @trishakticorps)

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে, ত্ৰিশক্তি কৰ্পে প্ৰয়োজনীয় চিকিৎসা, ৰোগীৰ পৰ্যালোচনা, ঔষধ প্ৰদান কৰি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি স্থানীয় ৰাইজক সৰ্বাংগীন স্বাস্থ্যৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰে । এই উদাৰ প্ৰচেষ্টাই দুয়োখন গাঁৱৰ পৰা অহা ১৫০ জনৰো অধিক ৰোগীৰ চিকিৎসা দিয়া হয় ।

Indian Army Trishakti Corps
গ্ল'ফ আক্ৰান্ত গাঁৱত ত্ৰিশক্তি কৰ্পছৰ চিকিৎসা শিবিৰ (Photo: @trishakticorps)

উল্লেখযোগ্য যে ২০২৩ চনৰ ৪ অক্টোবৰত উত্তৰ ছিকিমত বিধ্বংসী হিমবাহৰ হ্ৰদৰ বিস্ফোৰণ ঘটি উত্তৰ-পূব ৰাজ্যখনলৈ শ্বকৱেভ প্ৰেৰণ কৰে । উত্তৰ ছিকিমৰ লোনাক হ্ৰদত এই হ্ৰদৰ বিস্ফোৰণৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ হঠাতে আৰু ভয়ংকৰভাৱে বৃদ্ধি পাইছিল । ক্ষন্তেকীয়া বানপানীত কমেও ৩০ জন লোক নিৰুদ্দেশ হোৱাৰ লগতে চুমথাং আৰু ৰংপোৰ মাজত ছখন দলং উটুৱাই লৈ গৈছে ।

ইয়াৰ ফলত গুৰুত্বপূৰ্ণ পৰিবহণ সংযোগ বিচ্ছিন্ন হৈছিল । এই লোকসকলৰ মাজত সেনাই এই প্ৰচেষ্টা হাতত লয় । ইয়াৰ উপৰিও অগ্নিবীৰ আঁচনিৰ ওপৰত এক সমৃদ্ধিশালী বক্তৃতা আৰু ভিডিঅ’ প্ৰদৰ্শনৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলক শক্তিশালী কৰা হয় ৷ তেওঁলোকৰ সম্ভাৱনাক উদগনি দিয়া হৈছিল আৰু আগন্তুক প্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ পোষকতা কৰা হৈছে ।

ভাৰতীয় সেনাৰ এই প্ৰচেষ্টাই সেৱা আৰু মমতাৰ মনোভাৱৰ উদাহৰণ দাঙি ধৰে, যিয়ে সশস্ত্ৰ বাহিনী আৰু স্থানীয় জনসাধাৰণৰ মাজৰ বন্ধনক শক্তিশালী কৰে । সম্প্ৰদায় উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা অপাৰেচন সদ্ভাৱনাই সীমান্তৱৰ্তী গাঁওসমূহৰ বাসিন্দাসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

ভাৰতীয় সেনাই ভৱিষ্যতেও এনে সম্প্ৰদায় পৰিচালিত কাম-কাজ অব্যাহত ৰাখিবলৈ, সীমান্তৱৰ্তী ছিকিমৰ গাঁওসমূহত সম্প্ৰীতি আৰু সংহতি প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে বুলি তেওঁ জানিব দিয়ে ।

লগতে পঢ়ক: ভাৰতীয় সেনাৰ পৰা কিয় UPSC লৈ মন উৰিল অভিনন্দন সিঙৰ ? এক বিশেষ সাক্ষাৎকাৰ