জলসম্পদ বিভাগৰ জোৰা তাপলি, গছৰ ডালত মাটিৰ বস্তা বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা
Published: Nov 21, 2023, 9:23 AM

জলসম্পদ বিভাগৰ জোৰা তাপলি, গছৰ ডালত মাটিৰ বস্তা বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা
Published: Nov 21, 2023, 9:23 AM
হায় হায় জলসম্পদ বিভাগ ! দিকচু মাউৎ গাঁৱৰ সমীপত খহিবলৈ ধৰা মথাউৰিত জলসম্পদ বিভাগে গছৰ ডাল বান্ধি তাত মাটিৰ টোপোলা বান্ধি ডালত বান্ধি দি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে ৷
আমগুৰি, 21 নৱেম্বৰ: জলসম্পদ বিভাগৰ আজৱকাণ্ড ৷ ৰাজ্যজুৰি বিজেপি চৰকাৰে উন্নয়ণৰ ঢাক ঢোল বজাইহে বজায়, কিন্তু চৰকাৰী বিভাগৰ কামে আপোনাৰো চকু কঁপালত তুলিব ৷ জোৰা তাপলি মৰা বুদ্ধি পাঙি এইবাৰ জলসম্পদ বিভাগে সংঘটিত কৰিছে আচৰিত কাণ্ড ৷ শিৱসাগৰ জিলাৰ আমগুৰিত জলসম্পদ বিভাগে গছৰ ডালত মাটিৰ বস্তা বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
নাজিৰা জলসম্পদ বিভাগৰ অধীনস্থ নামতি নদীৰ মথাউৰিৰ খহনীয়া ৰোধৰ বাবে লোৱা এই প্ৰচেষ্টাত স্থানীয় লোকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। উল্লেখ্য যে, দিকচু মাউৎ গাঁৱৰ সমীপত খহিবলৈ ধৰা মথাউৰিত জলসম্পদ বিভাগে গছৰ ডাল বান্ধি তাত মাটিৰ টোপোলা বান্ধি ডালত বান্ধি দি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে ৷ জলসম্পদ বিভাগৰ এই কাণ্ড পৰিলক্ষিত স্থানীয় লোক খঙত জাঙুৰ খাই উঠিছে ।
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ দৃষ্টিগোচৰ কৰাই স্থানীয় লোকসকলে বিভাগটোৰ এনে কাণ্ডক ধিক্কাৰ দিছে। স্মৰ্তব্য যে, যোৱা এটা বছৰ ধৰি নামতি নদীৰ মথাউৰি বিভিন্ন অংশত ফাট মেলি খহিবলৈ ধৰিছে যদিও জলসম্পদ বিভাগটোৱে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বিভাগটোৰ বিষয়াসকল বছৰেকত এবাৰ পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় লোকসকলে জলসম্পদ বিভাগক শীঘ্ৰে মথাউৰিটো মেৰামতিৰ দাবী জনাইছে। অন্যথাই 2024 ৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকসকলে। এই মথাউৰিটো ভাঙি নিলে অঞ্চলটোৰ পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্থ হোৱাৰ লগতে বৃহত্তৰ কৃষি ভূমি নষ্ট কৰি পেলাব বুলি ৰাইজ শংকিত হৈছে ।
লক্ষণীয় যে, চলিত বৰ্ষত ৰাজ্যত নৈসমূহৰ মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ বাৰিষাৰ পূৰ্বেই ৰাজ্যৰ নদীসমূহত গৰখহনীয়া প্ৰতিৰোধ কৰিবলৈ মথাউৰি নিৰ্মাণ কৰিবলৈ তৎপৰতাৰে কাম হাতত লৈছে বুলি মন্তব্য প্ৰকাশ কৰিছিল মন্ত্ৰীগৰাকীয়ে কিন্তু এই ঘটনাই ইয়াৰ বিপৰীত প্ৰতিচ্ছবিহে প্ৰতিফলিত কৰিছে ৷
