বাঘজানত আৰম্ভ প্ৰথম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা
Published: Nov 20, 2023, 9:12 PM

বাঘজানত আৰম্ভ প্ৰথম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা
Published: Nov 20, 2023, 9:12 PM
বাঘজান গাঁৱত সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা ৷ 20 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ বাঘজান গাঁও ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ৷
তিনিচুকীয়া, 20 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱত সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা ৷ অসম ফুটবল সন্থা আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত, মৰাণ জাতীয় মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, মৰাণ জাতীয় মহিলা পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ আতিথ্যত, বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ, মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ বাঘজান শাখা সমিতি আৰু বাঘজান গাঁওবাসীৰ সহযোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ ৷ 20 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ বাঘজান গাঁও ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব এই প্ৰথম বাৰ্ষিক বিৰাংগনা ৰাধা-ৰুকুণী ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা ৷
কাৰ্যসূচী অনুসৰি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হয় ৷ মৰাণ জাতীয় মহিলা পৰিষদৰ পতাকা উত্তোলন কৰে দীপামণি শইকীয়া বড়াই আৰু ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি বিশ্বজিত হাজৰিকাই ৷ ইয়াৰ পিছতে কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পণ কৰে মৰাণ জাতীয় মহিলা পৰিষদৰ সম্পাদিকা ৰুণজুন মৰাণ আৰু আয়োজক সমিতিৰ সম্পাদক ৰিপুজিত মৰাণে ৷ খেল আৰম্ভ হোৱাৰ পূৰ্বে এটি সমবেত সংগীত পৰিবেশন কৰা হয় ৷
খেল পৰিচালক বুলন বৰুৱা, সুশান্ত মৰাণ, হেমচন্দ্ৰ বাৰ্গ আৰু জয়ন্ত চাউৰৰ লগতে মেচ কমিচনাৰ সীমান্ত মৰাণৰ পৰিচালনাত এম জে এম পি আৰু বৰুৱাহোলা স্পৰ্টছ একাডেমীৰ মাজত হোৱা প্ৰতিযোগিতাখনত এম জে এম পিয়ে 1-0 গলত বৰুৱাহোলা স্পৰ্টছ একাডেমীক পৰাস্ত কৰে ৷ এম জে এম পিৰ হৈ প্ৰিয়ংকা তিজ্ঞাই এটা গল দিয়ে ৷
ফুটবল প্ৰতিযোগিতাখনৰ শুভ উদ্ধোধন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৱ মৰাণে ৷ এই অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্ননীল পাল, বাঘজান-দীঘলটৰঙৰ গাঁও প্ৰধান মনোজ হাজৰিকা, বিশিষ্ট ক্ৰীড়া সংগঠক ফটিক চেতিয়া, অসম মৰাণ সভাৰ কেন্দ্ৰীয় সম্পাদক বিতোপন মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয়, আঞ্চলিক আৰু বাঘজান শাখাৰ নেতৃবৃন্দৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ বিষয়-ববীয়াসকলৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি | চূড়ান্ত প্ৰতিযোগিতালৈকে সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে ৷
