উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰযুক্তিবিদ্যা; তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
Published: Nov 20, 2023, 8:00 PM

উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰযুক্তিবিদ্যা; তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
Published: Nov 20, 2023, 8:00 PM
মুখ্য অতিথি হিচাপে আলোচনা-চক্ৰখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰফেছৰ শম্ভূ নাথ সিঙে । তেওঁৰ উদ্বোধনী ভাষণত কয় যে এই দুদিনীয়া আলোচনা-চক্রই স্থানীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগক অতিশয় উপকৃত কৰিব ।
তেজপুৰ , ২০ নৱেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা ভাৰতীয় ৰাষ্ট্রীয় অভিযান্ত্রিক একাডেমীৰ (আইএনএই) সহযোগত 'উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰযুক্তিবিদ্যা' শীৰ্ষক বিষয়ৰ ওপৰত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ অনুষ্ঠিত হৈছে ৷ উল্লেখ্য যে এই আলোচনা-চক্রত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ অভিযান্ত্রিক আৰু কাৰিকৰী প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ৩২ গৰাকী (৪৫ বছৰৰ কম বয়সৰ) মহিলা অভিযন্তাই অংশগ্রহণ কৰে ।
মুখ্য অতিথি হিচাপে আলোচনা-চক্ৰখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰফেছৰ শম্ভূ নাথ সিঙে । তেওঁৰ উদ্বোধনী ভাষণত কয় যে এই দুদিনীয়া আলোচনা-চক্রই স্থানীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগক অতিশয় উপকৃত কৰিব । ভাৰতে লিংগ সমতা অনাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলাৰ অৱদান জাতিৰ প্ৰগতিৰ বাবে এক প্রয়োজনীয়তা হৈ পৰিছে বুলিও ভাষণ প্ৰসংগত মন্তব্য কৰে ।
উপাচাৰ্যগৰাকীয়ে আলোচনা-চক্ৰৰ উদ্দেশ্য বিশদভাৱে দাঙি ধৰি ইণ্ডিয়ান নেচনেল একাডেমী অব ইঞ্জিনীয়াৰিঙৰ ফেল' তথা আইএনএইৰ সমন্বয়ক ডঃ শর্মিলা মাণ্ডে কয় যে এই দুদিনীয়া অনুষ্ঠানত মুঠ আঠগৰাকী বিশিষ্ট বিজ্ঞানী আৰু বিশেষজ্ঞই 'উচ্চ মূল্যৰ কৃষিভিত্তিক সামগ্রী' আৰু 'প্রাকৃতিক সম্পদৰ সজীৱকৰণ' শীর্ষক মূল দুটা বিষয়ৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিব । এই আলোচনা-চক্রই মহিলা অভিযন্তাসকলক এক নতুন চিন্তাধাৰাৰ লগত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰাৰ লগতে গৱেষণাৰ ক্ষেত্ৰত কাম কৰাৰ বাবে অনুপ্রাণিত কৰিব বুলি অধ্যাপক মাণ্ডেয়ে আশা প্রকাশ কৰে ।
উল্লেখ্য যে এই বিশেষ আলোচনা-চক্ৰত আমন্ত্ৰিত সমল ব্যক্তি তথা বক্তাসকল হৈছে মুম্বাইৰ ৰাসায়নিক প্রযুক্তি প্রতিষ্ঠানৰ অধ্যাপক ৰেখা এছ সিংঘল, ইম্ফল কেন্দ্রীয় কৃষি বিশ্ববিদ্যালয়ৰ ডঃ এন জি ইবয়ইমা সিং, নেহুৰ অধ্যাপক ডঃ সৰোজ কুমাৰ বাৰিক, চিএছআইআৰ-হিমালয়ান বায়'ৰিছ'র্চ টেকন'লজী, পালামপুৰৰ ডঃ শশী ভূষণ, চিএছআইআৰ-নেচনেল জিঅ'ফিজিকেল ৰিছাৰ্চ ইনষ্টিটিউটৰ ডঃ বীৰেন্দ্ৰ এম তিৱাৰী, চিত্ৰছআইআৰ-নেচনেল এনভাইৰনমেণ্টেল ইঞ্জিনীয়াৰিং ৰিছাৰ্চ ইনষ্টিটিউটৰ ডঃ আত্য কাপলে, চিএছআইআৰ-নৰ্থ ইষ্ট ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন'লজীৰ ডঃ স্বপ্নিল হাজৰিকা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চাৰুলতা মহন্ত ।
