অসমৰ মানুহে কংগ্ৰেছৰ ন্যায় যাত্ৰা কেৱল সংবাদমাধ্যমতহে দেখিছে- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 1:46 PM IST

thumbnail

নলবাৰী, 18 জানুৱাৰী : বৃহস্পতিবাৰে নলবাৰী নাট্যমন্দিৰত নলবাৰী জিলা ভিত্তিত সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে নলবাৰী, বৰক্ষেত্ৰী আৰু টিহু বিধানসভাৰ পৰা নিৰ্বাচিত হৈ অহা প্ৰাৰ্থীসকলৰ মাজত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক মহাসংগ্ৰাম । এই মহাসংগ্ৰাম কাৰ্যসূচীৰ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷  

এই অনুষ্ঠানতেই কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্রাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ তেওঁ কয় যে, কংগ্ৰেছৰ এই যাত্ৰা কেৱল সংবাদমাধ্যমতহে দেখিছে । নহ’লে অসমৰ মানুহে গমেই নাপালেহেতেন ৷ কি ন্যায় যাত্ৰা, কি অন্যায় যাত্ৰা সেয়া অসমবাসীয়ে জানে বুলি কটাক্ষ কৰে মন্ত্ৰী বৰুৱাই ৷  

এই অনুষ্ঠানত জিলা আয়ুক্ত বৰ্ণালী ডেকাকে ধৰি বহু চৰকাৰী বিষয়া আৰু বিজেপি দলৰ নেতা কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰা : অসম পালেহি ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.