ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰা : অসম পালেহি ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 11:24 AM IST

Updated : Jan 18, 2024, 12:58 PM IST

Bharat Jodo Nyay Yatra: বৃহস্পতিবাৰে পুৱা হালোৱাটিং হৈ অসম পালেহি কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ আজি আমগুৰিত এখন জনসভাক সম্বোধন কৰে গান্ধীয়ে ৷ আমগুৰিৰ পৰা পদযাত্ৰা কৰি যোৰহাটৰ মৰিয়নীত উপস্থিত হ’ব ৰাহুলৰ নেতৃত্বত অহা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো ৷

Bharat Jodo Nyay Yatra
ভাৰত জোড়ো ন্যায় যাত্ৰা : অসম পালেহি ৰাহুল গান্ধী
ভাৰত জোড়ো ন্যায় যাত্ৰা : অসম পালেহি ৰাহুল গান্ধী

আমগুৰি, 18 জানুৱাৰী : আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পঞ্চমটো দিন ৷ মণিপুৰৰ পিচত নাগালেণ্ডৰ অধ্য়ায় সামৰি বৃহস্পতিবাৰে পুৱা হালোৱাটিং হৈ অসম পালেহি কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ আজি আমগুৰিত এখন জনসভা সম্বোধন কৰে গান্ধীয়ে ৷ ইয়াৰ পিচতে যোৰহাট জিলালৈ মৰিয়নীলৈ পদযাত্ৰা কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে ৷ নেতাগৰাকী উপস্থিত হোৱাৰ পিচতে কংগ্ৰেছ কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷

নেতাগৰাকীয়ে ৰাইজক সম্বোধন কয় যে, "আমি মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছো আৰু এই যাত্ৰা মহাৰাষ্ট্ৰলৈকে চলিব । এই যাত্ৰাৰ লক্ষ্য কেৱল ভাৰতৰ প্ৰতিটো ধৰ্ম আৰু জাতিক একত্ৰিত কৰাই নহয় কিন্তু 'ন্যায়' দিয়াও । আমি এই যাত্ৰাৰ নামত 'ন্যায়' যোগ কৰিছো কাৰণ আমি অনুভৱ কৰোঁ যে বিজেপি আৰু আৰ এছ এছে দেশৰ জনসাধাৰণৰ প্ৰতি সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত যথেষ্ট অন্যায় কৰিছে ৷ "

নেতাগৰাকীয়ে লগতে কয় যে, এই ভাৰত জোড়ো যাত্ৰা হৈছে শংকৰদেৱৰ আদৰ্শৰ যাত্ৰা । শংকৰদেৱে জনসাধাৰণে পথ দেখুৱাইছিল, সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিছিল ঠিক তেনেদৰে ভাৰত জোড়ো যাত্ৰাৰ লক্ষ্যও একেই ৷

ইফালে আজি এই ন্যায় যাত্ৰাৰ পূৰ্বে শিৱসাগৰত প্ৰাক্তন কংগ্ৰেছী নেত্ৰী অংকিতা দত্তই দলৰ পৰা বহিষ্কাৰ হোৱাৰ পাচত নিজৰ বাবে ন্যায় বিচাৰিছে। অংকিতা দত্তই ন্যায় যাত্ৰাৰ বেনাৰ লৈ ন্যায় যাত্ৰাৰ ল’গ’ৰ লগতে ৰাহুল গান্ধী আৰু নিজৰ ফটোও ব্যৱহাৰ কৰিছে । তেওঁ কয় যে, "মই 10 মাহে বনবাসত আছো । মই দলৰ পৰা ন্যায় বিচাৰিছিলো, কিন্তু নাপালো । বিগত 10 মাহে মই কংগ্ৰেছৰ হৈ কাম কৰিছো । মোৰ এটাই দাবী মোক ন্যায় লাগে । এই ন্যায় যাত্ৰাতে মই ন্যায় পাম বুলি আশাবাদী । ৰাহুল গান্ধীয়ে ন্যায় দিব বুলি মই আশাবাদী ৷ দেৱব্ৰত শইকীয়াই দেউতাক কি প্ৰতিশ্ৰুতি দিছিল সেয়া মনত পেলাওক । মোক বিজেপিৰ এজেণ্ট বুলি বদনাম কৰি আছে । আজি প্ৰতিবাদ কৰাৰ কাৰণে বিজেপিৰ এজেণ্ট হৈ গ’লো । শিৱসাগৰৰ মানুহে ৰাহুল গান্ধী আহিব বুলি গমেই নাপায় । বিগত এসপ্তাহে মই ঘৰে ঘৰে গৈ সকলোকে জনাইছো।"

লগতে পঢ়ক: ন্যায় যাত্ৰা : বেনাৰত একেলগে ৰাহুল-অংকিতা

Last Updated : Jan 18, 2024, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.