Minister Bimal Borah: আলফা (স্বা)লৈ যোৱাৰ চিন্তা বাদ দিবলৈ অসমৰ যুৱচামক আহ্বান মন্ত্ৰী বিমল বড়াৰ

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 4:54 PM IST

thumbnail

বঙাইগাঁও, 5 নৱেম্বৰ : শনিবাৰে বঙাইগাঁৱত উপস্থিত হয় মন্ত্ৰী বিমল বড়া ৷ বঙাইগাঁও ৰে’লৱে উচ্চ মাধ্যমিক আৰু ৰে’লৱে প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ অনুষ্ঠিত উপস্থিত থাকে মন্ত্ৰী বড়া ৷ উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পাচতে বঙাইগাঁৱৰ আৱৰ্ত ভৱনত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

লোকসভা নিৰ্বাচন, আলফা (স্বা) আৰু হাগ্ৰামা মহিলাৰীৰে মিত্ৰতাৰ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী বড়াই ৷ লোকসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়, ‘‘এতিয়াই কিমানখন আসন পাম সেয়া কোৱাটো কঠিন ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে আমি চেষ্টা কৰিম যাতে আমি জিকিব পাৰোঁ ৷’’

আলফা স্বাধীনৰ প্ৰসংগত তেওঁ কয়, ‘‘বৰ্তমান বিশ্বখন এখন গাঁৱলৈ ৰূপান্তৰিত হৈছে ৷ পূৰ্বতে বিকাশ হোৱা নাছিল ৷ বিজেপি চৰকাৰৰ দিনৰ পৰা অসমত উন্নয়ন হৈছে ৷ অসমৰ বিকাশত সকলোৱে সহযোগিতা কৰিব লাগে ৷ সময় সলনি হৈছে, চিন্তাধাৰাবোৰো সলনি কৰিব লাগে ৷ কিবা কাৰণত এটা সময়ত বেয়া চিন্তা আহিছিল যদিও এতিয়া সেই চিন্তা পৰিত্যাগ কৰক ৷ যিসকলে এনে চিন্তা কৰি আছে তেওঁলোকেও পৰিত্যাগ কৰক ৷’’

আনহাতে হাগ্ৰামা মহিলাৰীৰ সৈতে মিত্ৰতাৰ কৰিব নে নকৰে সেয়া কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে মন্ত্ৰী বড়াই ৷

লগতে পঢ়ক: Seized huge amount of drugs: খাদ্য সামগ্ৰীৰ পেকেটত ওলাল গাঞ্জা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.