Ajanta Neog visits Billbeshwar Devaloy : বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজাৰ আশীষ ল’লে মন্ত্ৰী অজন্তা নেওগে

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 12:41 PM IST

thumbnail

নলবাৰী, ২৩ অক্টোবৰ : আজি মহা নৱমী । নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমীৰ বিহিত পূজা ৷ বেলশৰ বিল্বেশ্বৰৰ দেৱালয়ত নৱমী পূজাৰ আশীষ ল’বলৈ পূজা মণ্ডপত উপস্থিত হয় নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ ।

সকলোৰে মংগল কামনাৰ্থে মা দেৱী দুৰ্গাৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনালে মন্ত্ৰী অজন্তা নেওগে । ইতিমধ্যে বিল্বেশ্বৰ দেৱালয়ত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে । এইবেলি নৱমীত বিল্বেশ্বৰ দেৱালয়ত ৬৮ টা ম’হ বলি বিধানৰ বাবে তালিকাভুক্ত কৰা হৈছে । জানিব পৰা মতে, পূৰ্বৰ দৰে এইবেলিও নৱমীত বলি দিয়া হ’ব সহস্ৰাধিক ছাগলী, হাঁহ, পাৰ, কোমোৰা আদি ।

উল্লেখ্য যে, দেৱী দুৰ্গাক নটা ৰূপত পূজা কৰা হয় শৈৱশক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত । কিন্তু উক্ত শক্তিপীঠৰ দেৱালয়ত প্ৰতিষ্ঠা কৰা নহয় মূৰ্তি । ইয়াৰ বিপৰাতে এডাল ৰাম কল গছক দেৱীৰ ৰূপ দি কৰি অহা হৈছে দুৰ্গতি নাশিনী দুৰ্গা পূজাৰ পূজা অৰ্চনা ।

লগতে পঢ়ক : Durga Puja in Nalbari : ৰাম কলগছক দেৱী সজাই বিল্বেশ্বৰ দেৱালয়ত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.