Mid day meal workers protest: ৰন্ধন কৰ্মীয়ে ঘেৰাও কৰিলে গোলাঘাটৰ জিলা শিক্ষা বিভাগৰ কাৰ্যালয়

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:26 PM IST

thumbnail

গোলাঘাট, 4 নৱেম্বৰ: ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল গোলাঘাট জিলা ৷ CITU ৰ উদ্যোগত গ্ৰহণ কৰে এই কাৰ্যসূচীৰ ৷ ৰন্ধন কৰ্মীয়ে ঘেৰাও কৰিলে গোলাঘাটৰ জিলা শিক্ষা বিভাগৰ কাৰ্যালয় । কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে । আগন্তুক দিনত ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ  । 

গোলাঘাটৰ জিলা শিক্ষা বিভাগৰ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে । আগন্তুক দিনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে । হাতে হাতে বাচন-হেতা লৈ চৰকাৰ তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে সৰৱ হয় ৰান্ধনীসকল । আৰক্ষীৰ বাধা নেওচি প্ৰাপ্যৰ দাবীত সোচ্চাৰ হয় এইসকল ৰান্ধনীসকল । 

সমস্ত বকেয়া মাননি আদায়, বছৰৰ 12 মাহৰ বাবে মাননি প্ৰদান, কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীনভাৱে 3 লাখ টকাৰ সাহায্য প্ৰদান , মজুৰি আইনৰ ভিত্তিত 10 হাজাৰ টকা মাননি ধাৰ্যকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদকাৰীসকলে উত্তাল কৰে শিক্ষা বিভাগৰ কাৰ্যালয় ।

লগতে পঢ়ক: Fake currency seized : নগাঁৱত নকল টকা বনোৱা মেচিনসহ আটক 4

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.