Moving vehicle burnt: ধনশিৰিত দাউ-দাউকৈ জ্বলিল ধানখেৰ ভৰ্তি বাহন

By

Published : Dec 10, 2022, 9:10 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তত শনিবাৰে বিয়লি দাউ-দাউকৈ জ্বলি উঠে এখন ধানখেৰ ভৰ্তি বাহন(Moving vehicle burned in karbi Anglong) ৷ ধনশিৰি ভেটাগাঁৱৰ পৰা চিগনেল বস্তিলৈ বিয়লি ধানখেৰখিনি কঢ়িয়াই অনা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ড ৷ AS 09 AC 7033 নম্বৰৰ মহেন্দ্ৰ পিকআপ ভানখনে অত্যাধিক বোজা কঢ়িয়াই অনা সময়তে বৈদ্যুতিক তাঁৰৰ ‌সংস্পৰ্শলৈ অহাত দাউ-দাউকৈ জ্বলি উঠে(Fire Breakout in karbi Anglong) । ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত ধনশিৰি আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় । উক্ত ঘটনাত গাড়ীৰ চালকজনৰ সোঁহাতখন সামান্যৰূপে অগ্নিদগ্ধ হয় বুলি জানিব পৰা গৈছে(moving vehicle catches fire in karbi Anglong) ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.