Fire in Sivsagar: শিৱসাগৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

By

Published : May 30, 2023, 9:48 AM IST

thumbnail

শিৱসাগৰ, 30 মে’: শিৱসাগৰত সোমবাৰে নিশা সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Sivsagar) ৷ ‘অৰুণছ’ নামৰ এখন কাপোৰৰ বিপণীত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ ৷ সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হ’ল ব্যৱসায়িক প্ৰতিষ্ঠানখন ৷ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ লগতে ভস্মীভূত হয় অট্টালিকাটো ৷ 20 খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে পুৱালৈকে চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় (Fire broke out in Sivsagar) ৷ বৰ্তমানেও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ বৈদ্যুতিক শ্বৰ্ট-শ্বাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ ৷ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ক্ষতিগ্ৰস্ত হ’ল লক্ষাধিক টকাৰ সামগ্ৰী ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.