Fire in Titabor : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰত জুইত জাহ গ’ল 50 লক্ষাধিক টকাৰ সামগ্ৰী

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 10:44 PM IST

thumbnail

গোলাঘাট, 12 নৱেম্বৰ : দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে তিতাবৰৰ পূবালী নগৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ নিমিষতে জ্বলি শেষ হৈ গ’ল ফাৰ্নিচাৰৰ এটা গুদাম ৷ ভয়ংকৰ অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল বৰ্তমানলৈকে জানিবপৰা হোৱা নাই ৷ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী শংকৰ কালোৱাৰ বুলি জানিব পৰা গৈছে । উক্ত অগ্নিকাণ্ডটোৰ ফলত ৫০ লাখৰো অধিক টকাৰ সামগ্ৰী জুইত জাহ যায় ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই ৰাইজে হাতে-হাতে বাল্টি লৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰে যদিও জুই নিৰ্বাপন কৰাত বিফল হয় ৷

উল্লেখ্য যে, দীপাৱলীৰ দিনটোত ৰাজ্যৰ বহুকেইটা অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত বোৱাৰ খবৰ লাভ কৰা গৈছে ৷ তিতাবৰৰ দৰেই আন অঞ্চলসমূহত সংঘটিত অগ্নিকাণ্ডত বুজন পৰিমাণৰ ধন-সম্পত্তি ধ্বংস হোৱাৰ খবৰ লাভ কৰা গৈছে ৷

লগতে পঢ়ক : Asthma during Diwali: দীপাৱলীত ফটকাৰ ধোঁৱাৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব হাঁপানী ৰোগীয়ে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.