ETV Bharat / sukhibhava

Asthma during Diwali: দীপাৱলীত ফটকাৰ ধোঁৱাৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব হাঁপানী ৰোগীয়ে ?

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 5:41 PM IST

দেশজুৰি উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী ৷ কিন্তু এই উৎসৱ কাৰোবাৰ বাবে মৃত্যুৰ কাৰণো হ’ব পাৰে ৷ ফটকাৰ পৰা নিৰ্গত হোৱা ধোঁৱা হাঁপানী ৰোগীৰ বাবে অতি বিপদজনক ৷ গতিকে দীপাৱলীত কেনেদৰে নিজৰ স্বাস্থ্যৰ যত্ন ল’ব জানি লওক এই প্ৰতিবেদনত ৷

Diwali 2023: How asthma patients should take care of their health
দীপাৱলীত হাঁপানী ৰোগীয়ে এনেদৰে লওক নিজৰ যত্ন

দীপাৱলীৰ উৎসৱত এটা কথাই মানুহক বহুত অশান্তি দিয়ে । কিন্তু কি এনেকুৱা কথা যিটোৱে মানুহক আমনি দিয়ে ? আচলতে দীপাৱলীৰ আনন্দৰ উচাহৰ মাজতে ফটকাৰ পৰা নিৰ্গত হোৱা ধোঁৱা এজন হাঁপানী ৰোগীৰ বাবে অতি বিপদজনক হ’ব পাৰে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ফটকাৰ পৰা বহু ধৰণৰ ৰাসায়নিক গেছ নিৰ্গত হয় যিয়ে পৰিৱেশ বহু পৰিমাণে প্ৰদূষিত কৰে । এনে পৰিৱেশত হাঁপানী ৰোগীৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা যথেষ্ট বাঢ়ি যায় । এই দীপাৱলীত হাঁপানী ৰোগীয়ে কেনেদৰে নিজৰ যত্ন ল’ব জানি লওক এই প্ৰতিবেদনত ।

এনেদৰে হাঁপানী ৰোগীয়ে দীপাৱলীত নিজৰ যত্ন লোৱা উচিত

লগত সদায় ৰাখিব ইনহেলাৰ

দীপাৱলী উপলক্ষে হাঁপানী ৰোগীক চিকিৎসকে বিশেষ পৰামৰ্শ দিয়ে । বিশেষ পৰামৰ্শ হ’ল যে হাঁপানী ৰোগীয়ে নিজৰ ইনহেলাৰটো সকলো সময়তে লগত ৰাখিব লাগে । কাৰণ ধোঁৱা বা প্ৰদূষণৰ বাবে কেতিয়া হাঁপানীৰ ৰোগত আক্ৰান্ত হ’ব সেয়া সেই ৰোগীগৰাকীয়েও হয়তো নাজানে । যদি আপুনি হাঁপানীৰ আক্ৰমণৰ পৰা সুৰক্ষিত থাকিব বিচাৰে তেন্তে ইয়াৰ সৰ্বোত্তম সমাধান হ’ল ইনহেলাৰ আপোনাৰ লগত ৰখা । যাতে যিকোনো সময়ত প্ৰয়োজন হ’লে ব্যৱহাৰ কৰিব পাৰে ।

ব্যায়াম কৰিব লাগে

হাঁপানী ৰোগীক দিয়া বিশেষ পৰামৰ্শ হ’ল তেওঁলোকে প্ৰতিদিনে নিজৰ উশাহ-নিশাহৰ ব্যায়াম কৰিব লাগে । কাৰণ ব্যায়ামৰ দ্বাৰাহে হাঁপানীৰ ৰোগ হ্ৰাস কৰিব পাৰি । হাওঁফাওঁ শক্তিশালী কৰিবলৈ দৈনিক ব্যায়াম অতি প্ৰয়োজনীয় । ব্যায়ামে হাওঁফাওঁ শক্তিশালী কৰে ।

মাস্ক ব্যৱহাৰ কৰক

হাঁপানী ৰোগীয়ে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত মাস্ক পৰিধান কৰিব লাগে । তেতিয়াহে আপুনি ফটকাৰ পৰা নিৰ্গত ধূলি আৰু ধোঁৱাৰ পৰা সুৰক্ষিত থাকিব পাৰিব । সেয়েহে নিশ্চিতভাৱে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব ।

প্ৰয়োজন নহ’লে হাঁপানী ৰোগীয়ে ঘৰৰ পৰা ওলাই যাব নালাগে

এজন হাঁপানী ৰোগীয়ে প্ৰয়োজন সাপেক্ষেহে ঘৰৰ বাহিৰলৈ ওলাই যাব লাগে । বিশেষকৈ দেৱালীৰ সময়ত খিৰিকী-দুৱাৰ বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰক । বাহিৰলৈ গ’লেও নিশ্চিতভাৱে মাস্ক পৰিধান কৰক ।

স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক

হাঁপানী ৰোগীয়ে খাদ্যৰ বিশেষ যত্ন ল’ব লাগে । স্বাস্থ্যসন্মত খাদ্য খোৱা উচিত । মিঠাই আৰু তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক ।

বিঃদ্ৰঃ: এই লেখাত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: Detox Juice For Diwali: দীপাৱলীৰ সময়ত অতিৰিক্ত মিঠাই আৰু ব্যঞ্জন খাইছে নেকি ? ওজন বৃদ্ধিৰ পৰা ৰক্ষা কৰিব এই জুইচে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.