ETV Bharat / sukhibhava

Detox Juice For Diwali: দীপাৱলীৰ সময়ত অতিৰিক্ত মিঠাই আৰু ব্যঞ্জন খাইছে নেকি ? ওজন বৃদ্ধিৰ পৰা ৰক্ষা কৰিব এই জুইচে

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:01 PM IST

দীপাৱলীৰ সময়ত মিঠাই আৰু ব্যঞ্জন পৰিহাৰ কৰাটো কঠিন যদিও ওজন বৃদ্ধিৰ পৰা হাত সাৰিব পাৰি । ইয়াৰ বাবে মাত্ৰ দিনটোত এবাৰ বা দুবাৰ খাওক এই বস্তুৰ ৰস ।

Diwali Detox: Here Are Juices That Will Help You Detox
দীপাৱলীৰ বাবে ডিটক্স জুইচ

দীপাৱলীৰ উৎসৱত খাদ্যৰ ভাৰসাম্য বিঘ্নিত হোৱাটো নিশ্চিত । নিজকে নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰাৰ পিচতো এনে বহু বস্তু খোৱা হয় যিয়ে শেষত ওজন বৃদ্ধি কৰে । ওজন বৃদ্ধিৰ লগতে ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে । এনে পৰিস্থিতিত কিছুমান টিপচ্ আৰু ট্ৰিক্স মানি চলিলে আৰু লগতে কিছু ডিটক্স জুইচ খালে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি । জানো আহক এনে ডিটক্স জুইচৰ ৰেচিপি ।

লাউৰ জুইচ

লাউৰ ৰসে শৰীৰক বিষমুক্ত কৰা, শক্তি প্ৰদান কৰা আৰু ৰোগৰ পৰা ৰক্ষা কৰাত অতি উপকাৰী বুলি প্ৰমাণিত । এই ৰসৰে দিনটো আৰম্ভ কৰক আৰু ৰস খোৱাৰ পিচত অন্ততঃ ডেৰ-দুঘণ্টালৈকে একো নাখাব । পানী খাব পাৰে । সতেজ ৰস পান কৰিব আৰু বেছি দিনলৈ ৰখা ৰস নাখাব ৷ এইটো এটা উৎকৃষ্ট ডিটক্স জুইচ ।

নাৰিকল পানী

নাৰিকল পানীও প্ৰকৃতিয়ে দিয়া এক আশীৰ্বাদ স্বৰূপ । নাৰিকলৰ পানীৰে দিনটো আৰম্ভ কৰক আৰু ইয়াৰ পিচত এঘণ্টালৈকে একো নাখাব । ইয়াৰ ফলত শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰো আঁতৰি যায় ।

শাক-পাচলিৰ ৰস

শৰীৰৰ বিষমুক্তকৰণৰ কথা আহিলে এই কামত ফলৰ ৰস ব্যৱহাৰ কৰা নহয় । কেৱল শাক-পাচলিৰ ৰসে শৰীৰক বিষমুক্ত কৰে । ইয়াক সহজে দিনটোত দুবাৰকৈ খাব পাৰি । বিটৰোট, পালেং শাক, লাউ, বিলাহী আদিৰ ৰস সেৱন কৰিব পাৰে । লগতে অলপ আদা দিলে সোৱাদ বাঢ়িব । তাৰ ওপৰত অলপ জালুক আৰু অলপ নিমখ দিব পাৰে । এইটো জুইচ খোৱাৰ পিচত কমেও এঘণ্টাৰ পৰা দুঘণ্টালৈকে একো নাখাব ।

ডিটক্স পানী

ইচ্ছা কৰিলে এদিন পূৰ্বেই অৰ্থাৎ নিশা ডিটক্স পানী প্ৰস্তুত কৰি গোটেই দিনটো খাব পাৰে । এটা ডাঙৰ পাত্ৰত ডেৰ-দুই-তিনি লিটাৰ পানী লৈ তাত কটা পদিনা পাত, তিয়ঁহ আৰু নেমুৰ টুকুৰা দিব । নিশাটো এনেকৈ থৈ দিব । পিছদিনাখন যেতিয়াই পিয়াহ লাগে তেতিয়াই এই পানী খাব পাৰে । ইয়াৰ লগতে দিনটোত কেইবাবাৰো কুহুমীয়া পানী খাব লাগে । গ্ৰীণ টি খাব পাৰে । এইবোৰে শৰীৰক বিষমুক্ত কৰে ।

অস্বীকাৰ: এই লেখাত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ লওক ।

লগতে পঢ়ক: Diwali 2023: ঘৰতে প্ৰস্তুত কৰিবলৈ গৈ আছে দীপাৱলীৰ মিঠাই ? তেন্তে চেনিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক এই সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.