বজাৰত অগ্নিকাণ্ড; খবৰ দিয়াৰ দুঘণ্টাৰ পিচতো উপস্থিত নহ’ল অগ্নিনিৰ্বাপক বাহিনী

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:11 PM IST

thumbnail

দলগাঁও, 1 ডিচেম্বৰ : দলগাঁৱৰ মৌছিটা বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ১৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । ক্ষতিগ্ৰস্ত হয় আন কেইবাখনো দোকান । প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ মতে, জুই লগাৰ পিচত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও দুঘণ্টাৰ পিচতো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত নহয় উক্ত অঞ্চলত ৷ যাৰ ফলত ক্ষোভত ফাটি পৰে উপস্থিত জনতা ৷ হাজাৰ হাজাৰ ৰাইজৰ সহযোগত অৱশ্যে তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । ৰাইজে জুই নুমোৱাৰ আধা ঘন্টাৰ পিচত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী তথা স্থানীয় আৰক্ষী । দেৰি হোৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ সৈতে ৰাইজৰ তীব্ৰ বাক-বিতণ্ড হয় । অগ্নিনিৰ্বাপক বাহিনীক ওভতাই পঠিওৱাৰ চেষ্টা কৰে ৰাইজে ।

লগতে পঢ়ক : লখিমপুৰৰ জহিঙত অগ্নিকাণ্ডৰ ঘটনা, দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.