Conflict over land: ভূমিকেন্দ্ৰিক সংঘাতত আহত কেইবাজনো লোক

By

Published : Apr 2, 2023, 5:00 PM IST

thumbnail

হাইলাকান্দি,২ এপ্ৰিল: ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি । ভূমিকেন্দ্ৰিক সংঘাতক লৈ উত্তপ্ত হৈ পৰিল হাইলাকান্দি জিলাৰ দীননাথপুৰৰ ৰাজপথ । হাতে হাতে লাঠি লৈ ওলাই আহিল শতাধিক লোক (Clash between two groups over land dispute) । দুয়োপক্ষৰ আক্ৰমণ প্ৰত্য়াক্ৰমনত আহত কেইবাজনো লোক । সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভয়ংকৰ সংঘাতৰ দৃশ্য । ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰিছে এখন এজাহাৰ (Conflict over land at Hailakandi) ।  

ঘটনাৰ বিৱৰণী অনুসৰি, দীননাথপুৰত নীলিমা চক্ৰৱৰ্তী নামৰ মহিলাগৰাকীৰ পূৰ্বপুৰুষৰ ভূমি আছিল । বৰ্তমান সময়ত কবীৰ উদ্দিন বৰভূঞাৰ তত্বাৱধানত আছে সেই ভূমি । আনহাতে, সেই ভূমিক লৈ নীলিমা চক্ৰৱৰ্তী আৰু নাছিৰ আহমদ চৌধুৰী নামৰ এজন লোকৰ মাজত চলি আছে এটা গোচৰ । ইয়াৰ মাজতে মাটিৰ মালিক নীলিমা চক্ৰৱৰ্তীৰ ভূমি চোৱাচিতা কৰা কবীৰ উদ্দিন বৰভূঞা, আবুল হুছেইন বৰভূঞাই এগৰাকী মহিলাক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে (Many people injured in a clash between two party in Hailakandi) ।  

লগে লগে যুদ্ধক্ষেত্ৰলৈ পৰিণত হয় ৰাজপথ (Land centered conflict in Hailakandi) । সংঘৰ্ষৰ খবৰ পাই নীলিমা চক্ৰৱৰ্তী আৰু তেওঁৰ পুত্ৰ ৰূপম চক্ৰৱৰ্তীয়ে সেই স্থানত উপস্থিত হয় । ঘটনাস্থলীত নীলিমা চক্ৰৱৰ্তী উপস্থিত হোৱাৰ লগে লগে নাছিৰ আহমদ আৰু তেওঁৰ দলটোৱে তেওঁলোকক আক্ৰমণ কৰে । অৱশ্যে পিচত কেইবাজনো স্থানীয় সচেতন ব্যক্তিৰ হস্তক্ষেপত পৰিস্থিতি কিছু শান্ত হোৱা পৰিলক্ষিত হয় । লগতে ঘটনা সন্দৰ্ভত  নীলিমা চক্ৰৱৰ্তীয়ে কাটলিচৰা থানাত ৰুজু কৰে এটা গোচৰ । 

লগতে পঢ়ক: Pranjal Moran case update : প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত দুই কয়লা চোৰ আৰক্ষীৰ জিম্মাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.