India Book of Records: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে ডিব্ৰুগড়ৰ মানৱ সোণোৱালে

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:07 PM IST

thumbnail

ডিব্ৰুগড়, 3 ছেপ্তেম্বৰ: চাউল, সৰিয়হ আৰু চাহপাতেৰে পখিলা অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল ডিব্ৰুগড়ৰ লেপেটকতা কছাৰী গাঁৱৰ কনক সোণোৱাল আৰু ৰাণু সোণোৱালৰ সুযোগ‍্য সন্তান মানৱ সোণোৱালে ৷ ডিব্ৰুগড়ৰ ৰামধেনু আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল মানৱ সোণোৱালে ৷ তেতিয়াৰে পৰা অব‍্যাহত ৰাখিছিল কঠোৰ অধ‍্যৱসায় ৷

অৱশেষত চাউল, সৰিয়হ আৰু চাহপাতেৰে ১৯ চেণ্টিমিটাৰ × ১৫ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ক্ষুদ্ৰ পখিলা অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যুৱকজনে ৷ যুৱকজনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে লেপেটকতা আৰু ডিব্ৰুগড়ৰ ৰাইজ ৷ এই সফলতাৰ পাছতে মানৱ সোণোৱালৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনাই সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থা, বিহু সুৰক্ষা সমিতিৰ লগতে অঞ্চলটোৰ বহুতো গুণমুগ্ধ‌ই ৷ যুৱকজনৰ পৰৱৰ্তী লক্ষ‍্য এছিয়া বুক অৱ ৰেকৰ্ডছ ৷

লগতে পঢ়ক : Abhiruchi Sports Day 2023: টীয়কত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.