Abhiruchi Sports Day 2023: টীয়কত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:32 PM IST

thumbnail

টীয়ক, 3 ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্যতে আজি উলহ মালহে উদযাপন কৰিছে অভিৰুচি ক্ৰীড়া দিৱস । অসমৰ গৌৰৱ অসম সন্তান অৰ্জুন বঁটা বিজয়ী বিশিষ্ট ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ 84 সংখ্যক জন্মদিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে ।  

ব্যতিক্ৰম নহয় টীয়কতো,গুৱাহাটীস্থিত অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন,টীয়ক ক্ৰীড়া সন্থা,স্মল খেল' ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত তথা সামাজিক অনুষ্ঠান পদুম এছচিয়েছনৰ সহযোগত টীয়ক হাইস্কুলৰ খেলপথাৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । পুৱাৰ প্ৰথম কাৰ্যসূচী হিচাপে প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীক লৈ খেলপথাৰৰ পৰা এক ৰেলী বাহিৰ কৰে উদ্যোক্তাসকলে ।  

তাৰ পাছতে ফুটবল, ভলীবল, হেণ্ডবল, দৌৰ আদিৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে । ইপিনে আজিৰ এই বিশেষ দিনটোত বৃহত্তৰ টীয়ক অঞ্চলৰ বহুকেইগৰাকী ক্ৰীড়ানুৰাগী ব্যক্তি উপস্থিত থাকি বিশিষ্ট খেলুৱৈগৰাকীৰ জীৱনৰাজিৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক চমু আভাস প্ৰদান কৰি খেলুৱৈগৰাকীৰ দীৰ্ঘায়ু কামনা কৰে । 

লগতে পঢ়ক: Abhiruchi sports day 2023: যোৰহাট অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.