Man Attack by Wife in West Bilasipara: পত্নীক সন্দেহ কৰি গণপ্ৰহাৰৰ বলি হ’ল আলী মোল্লাহ

By

Published : Jan 31, 2023, 10:27 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

পশ্চিম বিলাসীপাৰা, 31 জানুৱাৰী : পশ্চিম বিলাসীপাৰাত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ পঞ্চায়ত সভানেত্ৰীৰ পৰকীয়া প্ৰেম বনাম ভয়ংকৰ মাৰপিট । সামাজিক মাধ্যমত ব্যপক চৰ্চা ৷ পশ্চিম বিলাসীপাৰা সমষ্টিৰ সাধুভাষা গাঁও পঞ্চায়তৰ সভানেত্ৰী নাৰ্জিমা বেগম ৷ সভানেত্ৰী নাৰ্জিমা বেগমৰ বিৰুদ্ধে পৰকীয়া কৰাৰ অভিযোগ তুলি বিপদত এতিয়া স্বামী ছৈয়দ আলী মোল্লাহ ৷ ছৈয়দ আলী মোল্লাহক গুৰুলা-গুৰুলকৈ প্ৰহাৰ নাৰ্জিমা এণ্ড গুণ্ডাবাহিনীৰ (Man Attack by Wife in West Bilasipara)৷

উল্লেখ্য যে, সভানেত্ৰী নাৰ্জিনা বেগম আৰু তেওঁৰ স্বামী ছৈয়দ আলী মোল্লাৰ সংসাৰত দীৰ্ঘদিনৰ পৰাই অন্তঃকন্দল, নানা ধৰণৰ পাৰিবাৰিক সংঘাত চলি আছিল ৷ শেহতীয়াকৈ স্বামী ছৈয়দ আলী মোল্লাই নাৰ্জিমা বেগম পৰকীয়া প্ৰেমত লিপ্ত থকাৰ অভিযোগ তোলাৰ পিছত ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰে সভানেত্ৰী পত্নীয়ে ৷ স্বামী ছৈয়দ আলী মোল্লাহ টোপপাৰা বজাৰৰ ঔষধৰ দোকানত বহি থকা অৱস্থাত সভানেত্ৰী নাৰ্জিমা বেগম এণ্ড গুণ্ডাবাহিনীৰ দলে আক্ৰমণ কৰে স্বামী ছৈয়দ আলী মোল্লাহক (Mob lynching in west Bilasipara)৷

মোল্লাক ৰড, লাঠি, জোং আদি লৈ প্ৰহাৰ কৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰাত প্ৰথমে বগৰীবাৰী আদৰ্শ চিকিৎসালয়ত আৰু পৰৱৰ্তী সময়ত ধুবুৰী মেডিকেল কলেজ হাস্পতালত(Dhubri medical college) ভৰ্তি কৰোৱা হয় ৷ চিকিৎসাৰ পিছত সুস্থ হৈ স্বামী মোল্লাই আটানি আৰক্ষী চকীত গোচৰ ৰুজু কৰে ৷

ইফালে সামাজিক মাধ্যমত সভানেত্ৰী পত্নী নাৰ্জিমা বেগমে পূৰ্বেই বিবাহ বিচ্ছেদ বুলি কয় যদিও স্বামী ছৈয়দ আলী মোল্লাই বিবাহ বিচ্ছেদৰ কথা অস্বীকাৰ কৰে ৷ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে উক্ত মাৰপিটৰ ঘটনা ৷ ধুবুৰী জিলা প্ৰশাসনৰ ওচৰত ঘটনাৰ উচিত তদন্ত দাবী কৰিছে দুৰ্ভোগীয়া স্বামী ছৈয়দ আলী মোল্লাই ৷

লগতে পঢ়ক: পুত্ৰ হত্যাকাৰীক শাস্তি দিবলৈ মুখ্যমন্ত্ৰীক দাবী দুৰ্ভগীয়া মাতৃৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.