Pranjal Saikia mysterious death incident: পুত্ৰ হত্যাকাৰীক শাস্তি দিবলৈ মুখ্যমন্ত্ৰীক দাবী দুৰ্ভগীয়া মাতৃৰ

By

Published : Jan 31, 2023, 9:05 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নগাঁও, 31 জানুৱাৰী: ৰাজ্য চৰকাৰে যিমানেই স্বচ্ছ আইন শৃংখলাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে সিমানেই একাংশ আৰক্ষীৰ মূৰ পোলোকা মৰা ছবি পোহৰলৈ আহিছে ৷ সততে সদনামৰ পৰা বদনামলৈ বিভিন্ন কাৰ্যৰে সংবাদ শিৰোনাম দখল কৰা নগাঁও আৰক্ষীৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Complain against Nagaon police) ৷ 

বিগত এমাহ ধৰি এটা হত্যাৰ অভিযোগক গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁও সদৰ আৰক্ষীৰ বিৰুদ্ধে । নগাঁও জিলাৰ ৰণথলীৰ প্ৰাঞ্জল শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ এমাহ ওকলাৰ পিছতো আজিলৈকে ন্যায় নাপালে পৰিয়ালটোৱে (Pranjal Saikia mysterious death incident) ৷ পুত্ৰ হত্যাৰ ন্যায় বিচাৰি কেমেৰাৰ সন্মুখত হুকহুকাই কান্দি উঠিল দুৰ্ভগীয়া মাতৃয়ে ৷  

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 28 ডিচেম্বৰত ৰণথলীৰ প্ৰাঞ্জল শইকীয়া নামৰ যুৱকজনে প্ৰায় 5 বজাত প্ৰতিদিনৰ দৰে কামৰ পৰা ঘৰলৈ উভতিছিল ৷ ঘৰ আহি পায়েই জ্যেষ্ঠ ভাতৃ আৰু সৰু ভায়েককো মাত লগাই ওচৰৰ দোকান এখনৰ পৰা শিখৰ আনিবলৈ বুলি ওলাই গৈছিল ৷  তেনেতে ৰাজপথত এখন বাইকে প্ৰাঞ্জলক দেখি পিচফালৰ পৰা হৰ্ণ মাৰি আহি আছিল ৷ একে গাঁৱৰে কুশল বনিয়া নামৰ যুৱকজনে প্ৰাঞ্জলক বাইকত উঠিবলৈ দিছিল ৷ কিন্তু প্ৰাঞ্জল বাইকত উঠিবলৈ মান্তি হোৱা নাছিল ৷ অৱশেষত কুশলেও দোকানৰ পৰা আহিম বুলি কোৱাত প্ৰাঞ্জলে কুশলৰ লগত বাইকত উঠি যায় ৷ এই সমগ্ৰ ঘটনা প্ৰাঞ্জলৰ বৰমাকে পৰিলক্ষিত কৰিছিল ৷  

এই ঘটনাৰ প্ৰায় আধাঘণ্টামানৰ পিচত প্ৰাঞ্জলক অচেতন অৱস্থাত ঘৰৰ ওচৰৰে এখন দোকানত পেলাই থৈ যায় ৷ লগে লগে এই ঘটনা দেখি দোকানখনৰ ওচৰত হাহাকাৰ লাগে ৷ প্ৰাঞ্জলৰ জ্যেষ্ঠ ভাতৃয়ে এই খবৰ শুনি ততাতৈয়াকৈ ঘটনাস্থলীলৈ গৈ প্ৰাঞ্জলক ডাঙি চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যু হয় প্ৰাঞ্জলৰ ৷  

প্ৰাঞ্জলৰ আকস্মিক মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে ৷ এই ঘটনাৰ পিচতে প্ৰাঞ্জলৰ পৰিয়ালে এই ঘটনাক হত্যাকাণ্ড বুলি দাবী কৰি নগাঁও সদৰ আৰক্ষী থানাত কুশল বনিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল (Case against accused Kushal Bania) ৷ ইয়োৰপৰি পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াৰ কাষ চাপিছিল পৰিয়ালৰ লোক । ইয়াৰ পিচতে আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিচতহে এই ঘটনাৰ তদন্ত কৰিব পৰা যাব বুলি ধমক দি প্ৰাঞ্জলৰ মাতৃক আৰক্ষীয়ে ঘৰলৈ উভতাই পঠিয়াইছিল ৷  

পৰৱৰ্তী সময়ত মৰোণোত্তৰ পৰীক্ষাত মৃত্যুৰ কাৰণ ধৰিব পৰা নাই বুলি এক ৰিপোৰ্ট লাভ কৰিছিল প্ৰাঞ্জলৰ পৰিয়ালে ৷ লেবৰেটৰীৰ পৰাহে প্ৰকৃত ৰিপোৰ্টটো আহিব বুলি প্ৰাঞ্জলৰ পৰিয়ালক অৱগত কৰা হৈছিল ৷  

আনকি বণিয়া উপাধিৰ যুৱকজনৰ বিৰুদ্ধেও নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । নগাঁও আৰক্ষীৰ পৰা ন্যায় নাপাই অৱশেষত পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে মৃত প্ৰাঞ্জল শইকীয়াৰ পৰিয়ালৰ লোকে (Pranjal saikia family demanded justice to cm)। 

লগতে পঢ়ক: Theft in Barpeta: দোকানৰ চিলিং ভাঙি চোৰৰ চাফাই অভিযান

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.