Man Killed After Being Hit by Train: চলন্ত ৰেলে মহটিয়াই টুকুৰা টুকুৰ কৰিলে যুৱকক

By

Published : Jul 21, 2023, 11:51 AM IST

thumbnail

জোনাই, 21 জুলাই : ধেমাজি জিলাৰ জোনাইত শোকাৱহ ঘটনা ৷ জোনকাৰেং ৰেল পথত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ জানিব পৰা মতে, মূৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা নামনিমুৱা লাচিত এক্সপ্ৰেছ ৰেলখনে বৃহস্পতিবাৰৰ দোকমোকালি প্ৰায় 4:30 গুৱাহাটীলৈ যায় ৷ উক্ত ৰেলখনেই এজন অচিনাক্ত যুৱকক প্ৰায় 200 মিটাৰ দূৰত্বলৈ মহতিয়াই লৈ যায় বুলি জানিবলৈ পৰা গৈছে ৷

অচিনাক্ত যুৱকজনৰ টুকুৰা-টুকুৰ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষী আৰু ৰেল বিভাগক খবৰ দিয়ে ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ দলে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷ বাতৰি সংগ্ৰহ কৰা সময়লৈকে জানিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয় ৷ ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ 

যুৱকজন 22-25 বছৰ বয়সৰ হ’ব বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Kuki Women Raped: ইণ্টাৰনেট নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত আৰু অধিক শিঁহৰণকাৰী ভিডিঅ' ওলাব পাৰে; সাংসদ ডাঃ লৰোহ এছ ফ’জ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.