ETV Bharat / bharat

Kuki Women Raped: ইণ্টাৰনেট নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত আৰু অধিক শিঁহৰণকাৰী ভিডিঅ' ওলাব পাৰে; সাংসদ ডাঃ লৰোহ এছ ফ’জ

author img

By

Published : Jul 21, 2023, 7:52 AM IST

বৃহস্পতিবাৰে বাহ্যিক মণিপুৰ সংসদীয় সমষ্টিৰ লোকসভাৰ সাংসদ ডাঃ লৰোহ এছ ফ’জে কয় যে, যেতিয়া ৰাজ্যখনত ইণ্টাৰনেটৰ নিষেধাজ্ঞা উঠাই লোৱা হ’ব, তেতিয়া এনেধৰণৰ আৰু অধিক ভিডিঅ’ ৰাজহুৱাভাৱে প্ৰকাশ পাব পাৰে ৷ ইটিভি ভাৰতৰ সাংবাদিক গৌতম দেৱৰয়ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰিছে সাংসদ ডাঃ লৰোহ এছ ফ’জে ৷

Kuki Women Raped
সাংসদ ডাঃ লৰোহ এছ ফ’জৰে বিশেষ সাক্ষাৎকাৰ

সাংসদ ডাঃ লৰোহ এছ ফ’জৰে বিশেষ সাক্ষাৎকাৰ

নিউজ ডেস্ক, ২১ জুলাই : মণিপুৰত দুগৰাকী কুকি মহিলাক ধৰ্ষণ কৰি উলংগ অৱস্থাত সমদল কৰা চাঞ্চল্যকৰ ভিডিঅ’ৰ প্ৰচাৰ আৰু এই ঘটনাক লৈ দেশজুৰি ক্ষোভৰ উদ্গীৰণ ঘটাৰ সময়তে বৃহস্পতিবাৰে বাহ্যিক মণিপুৰ সংসদীয় সমষ্টিৰ লোকসভাৰ সাংসদ ডাঃ লৰোহ এছ ফ’জে কয় যে, যেতিয়া ৰাজ্যখনত ইণ্টাৰনেটৰ নিষেধাজ্ঞা উঠাই লোৱা হ’ব, তেতিয়া এনেধৰণৰ আৰু অধিক ভিডিঅ’ ৰাজহুৱাভাৱে প্ৰকাশ পাব পাৰে ৷

বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত ডাঃ ফ’জে কয় যে, কেৱল দুগৰাকী মহিলাই উৎপীড়নৰ সন্মুখীন হোৱা নাছিল, অশান্ত জৰ্জৰ ৰাজ্যখনত একে ধৰণৰ বহুতো ঘটনা সংঘটিত হৈছিল যি কেইবামাহ ধৰি নিৰ্মম জাতিগত সংঘৰ্ষৰ সাক্ষী হৈ আছে ৷

"দুগৰাকী মহিলাক দুষ্কৃতিকাৰীয়ে নিৰ্যাতন চলোৱা বৰ্বৰ কাণ্ডটো 4 মে'ৰ সন্ধিয়া প্ৰায় 5 বজাত সংঘটিত হৈছিল ৷ এই ঘটনা কেৱল দুগৰাকী মহিলাৰ লগতেই নহয় ৷ এনেধৰণৰ আৰু অধিক ঘটনা পোহৰলৈ আহিব ৷ এই দুগৰাকী মহিলাক নিৰ্যাতন আৰু দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু এইটো মোৰ সমষ্টি কাংপকপিত ঘটিছিল ৷ এই ঘটনাতো অতি দুৰ্ভাগ্যজনক ৷ আমি আশা কৰিছিলোঁ যে আইন প্ৰয়োগকাৰী সংস্থা সকলোতে থাকিব, দুৰ্বল স্থানসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিব ৷ কিন্তু আমি যেতিয়াই এই ঘটনা চাবলৈ আহিছিলো, আমি কোনো আৰক্ষী জোৱানক এই অঞ্চলত তহল দিয়া দেখা নাপালোঁ ৷"

"এয়া এতিয়া সম্প্ৰদায়ৰ বিষয়ে নহয় ৷ এইয়া এগৰাকী মহিলাৰ মৰ্যাদাৰ বিষয় ৷ মহিলাসকলক উৎপীড়ন কৰা হৈছে আৰু তেওঁলোকক নগ্ন শৰীৰেৰে সমদল কৰিবলৈ বাধ্য কৰোৱা হৈছে ৷ যি শৰীৰ ইমান পৱিত্ৰ, সেই শৰীৰ উলংগ কৰি সমদল কৰা হৈছে ৷ এই ঘটনা অতি দুৰ্ভাগ্যজনক, অতি লজ্জাজনক, অতি বৰ্বৰ... ৷ তেওঁলোকক সমদল কৰি ধাননি পথাৰলৈ লৈ যোৱা হৈছিল ৷ দলটোৱে তেওঁলোকক গণ ধৰ্ষণ কৰিছিল ৷ এইটো অতি দুৰ্ভাগ্যজনক ৷ মহিলাসকলৰ বাবে এইটো দেখাটো কিমান বেদনাদায়ক, কেৱল কুকি সম্প্ৰদায়ৰ বাবেই নহয়, এইয়া মেইটিছৰ বাবেও - মহিলাসকলে তেওঁলোকৰ ওপৰত সংঘটিত বেদনা বা কষ্ট অনুভৱ কৰিছে," নাগা পিপলছ ফ্ৰণ্টৰ (এনপিএফ) সাংসদ ডাঃ ফ’জে এইদৰে কয় ৷

আশী দিনতকৈও অধিক সময়ৰ পাছতো মণিপুৰত পৰিস্থিতি অস্থিৰ হৈ আছে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰ সন্দৰ্ভত ডাঃ ফ’জে কয়, "চৰকাৰে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰভাৱে কাম কৰা উচিত ৷ দুৰ্ভাগ্যজনকভাৱে পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনত তিনিদিন আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে(গৃহ) মণিপুৰত 20ৰ পৰা 25 দিন আছিল ৷ কিন্তু মই ভাবো যে তেওঁলোকে পৰ্যাপ্ত কাম কৰা নাছিল ৷"

লগতে পঢ়ক: Kuki Women Raped: দুই মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ টুইটাৰ ইণ্ডিয়াক আঁতৰোৱাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.